অসম

assam

ETV Bharat / state

আকাশ স্পৰ্শ কৰাৰ দিশে 10 গৰাকী উদ্যমী অসমীয়াৰ সপোন - একাগ্ৰতা আৰু মনোবল

একাগ্ৰতা আৰু মনোবল থাকিলে সকলো কামেই মানুহে অসাধ্য কামো সহজে কৰিব পাৰে ৷ তাৰে উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে শিৱসাগৰ নামতি চাৰিআলিৰ ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপে ৷ প্ৰাকৃতিক সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰ কৰি আত্মনিৰ্ভৰশীল হৈ উঠিছে নামতি চাৰিআলিৰ 10 জন পুৰুষ মহিলাৰ এটা দল (Assam youth become self reliant with farming in Sivsagar) ৷

আকাশ স্পৰ্শ কৰাৰ দিশে 10 গৰাকী উদ্যমী অসমীয়াৰ সপোন
আকাশ স্পৰ্শ কৰাৰ দিশে 10 গৰাকী উদ্যমী অসমীয়াৰ সপোন

By

Published : Aug 30, 2022, 9:45 PM IST

Updated : Aug 30, 2022, 10:48 PM IST

আমগুৰি, 30 আগষ্ট :‘‘মন কৰিলেই ছন, বাকৰি মাটিতে ধন’’ - এই আপ্তবাক্যশাৰী সত্য প্ৰতিফলিত কৰিলে এদল শিক্ষিত পুৰুষ-মহিলাই ৷ কিয়নো প্ৰাকৃতিক সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ নামতি চাৰিআলিৰ ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপে (Assam youth become self reliant with farming in Sivsagar) ৷

আকাশ স্পৰ্শ কৰাৰ দিশে 10 গৰাকী উদ্যমী অসমীয়াৰ সপোন

2020 চনত গঠন হৈছিল ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপ ৷ বৰ্তমান 7 বিঘা মাটিত মৎস্য পালন, 37 বিঘা মাটিত চাহ বাগিচা, 25 হাজাৰ মূল্যবান সাঁ‌চিগছ ৰোপন কৰিছে এই গ্ৰুপটোৱে ৷ লগতে ছাগলী পালন, কলৰ বাগিচাৰে শিৱসাগৰ জিলাত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে এই গ্ৰুপটোৱে ৷

2020 চনত গঠন হোৱা ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপটোত আছে মুঠ 10 গৰাকী সদস্য ৷ প্ৰতি মাহে এই গ্ৰুপৰ প্ৰতিজন সদস্যই গোটটোৰ নামত জমা কৰে পাঁচ হাজাৰ টকাকৈ । তাৰ পাচত সেই টকাৰে তেওঁলোকে গোটটোৰ কাম কৰে ৷

বৰ্তমান ৰুণজুণ আৰন্ধৰাক সভানেত্ৰী আৰু ৰণ্টু গগৈক সম্পাদক হিচাপে লৈ নয়ন গগৈ, ৰণ্টু নেওগ, দেৱব্ৰত বৰুৱা, মৃদুপৱন খনিকৰ, পুলিন তামুলী, গীতা তামুলী গগৈ, ৰঞ্জিত সন্দিকৈ, স্মৃতি দত্ত বৰাসহ দহগৰাকী সদস্যৰ দ্বাৰা গঠিত এই গোট ৷ চৰকাৰৰ অনুদান অবিহনেই আত্মনিৰ্ভৰ হৈ উঠিছে এই গোটৰ প্ৰতিজন সদস্য ।

আনকি 44 বিঘা মাটিকালি সামৰি কৃষিকৰ্ম কৰা চেলফ হেল্প গ্ৰুপটোৱে 7 লক্ষাধিক টকাৰ মাছ বিক্ৰি কৰিবলৈ সক্ষম হৈছে ।আনহাতে, সামাজিক ক্ষেত্ৰতো এই গোটটোৱে বিভিন্ন কাম কৰি আহিছে । বিশেষকৈ দৰিদ্ৰ পৰিয়ালক সহায় কৰা, ৰুগীয়া ব্যক্তিক সহায় কৰা, সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক সহায় কৰা, পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপনকে ধৰি বিভিন্ন কাম কৰি আহিছে ।

উল্লেখ্য যে, যি সময়ত লক্ষ লক্ষ শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাব লগা হৈছে তেনে সময়তে ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপটোৱে সমাজলৈ এক শুভবাৰ্তা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক :Cleanliness village of Assam : সুৰা নিষিদ্ধ জনজাতীয় গাঁও বাপুৰাম টকবিলৈ গৈছেনে ?

Last Updated : Aug 30, 2022, 10:48 PM IST

ABOUT THE AUTHOR

...view details