অসম

assam

ETV Bharat / state

টীয়কত জব্দ দুখন খয়েৰভৰ্তি ট্ৰাক - জব্দ

ট্ৰাক দুখনত চালক দুগৰাকীয়ে নথিপত্ৰ মজুত থকা বুলি দাবী কৰিলেও সমগ্ৰ বিষয়টো জিলা বনবিভাগৰ বিভাগীয় তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷ প্ৰশাসনৰ ছত্ৰছায়াতে নিতৌ এনে অবৈধ মালবাহী ট্ৰাকত লাখ লাখ টকাৰ সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰিব পাৰিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ।

টীয়কত জব্দ দুখন খয়েৰ ভৰ্তি ট্ৰাক

By

Published : May 22, 2019, 8:59 PM IST



শিৱসাগৰ, ২২মেঃ টীয়ক আৰক্ষী থানাৰ সমীপত স্থানীয় যুৱকৰ তৎপৰতাত দুখন খয়েৰ ভৰ্তি ট্ৰাক জব্দ কৰে বন বিভাগে । জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ RJ 37 GB 5299 আৰু RJ 23 GB 7786 ।

উল্লেখযোগ্য যে ট্ৰাক দুখন শিৱসাগৰৰ এখন থানাত কেইদিনমান পূৰ্বে আৰক্ষীয়ে জব্দ কৰি শেহতীয়াভাৱে মুকলি কৰি দিছিল। কিন্তু এক গোপন সূত্ৰৰ পম খেদি সচেতন যুৱকৰ দল এটাই বিয়লিৰ ভাগত টীয়ক দলঙৰ সমীপত ট্ৰাক দুখন জব্দ কৰি বন বিভাগক চমজাই দিয়ে ।

টীয়কত জব্দ দুখন খয়েৰ ভৰ্তি ট্ৰাক

অৱশ্যে ট্ৰাক দুখনত চালক দুগৰাকীয়ে নথিপত্ৰ মজুত থকা বুলি দাবী কৰিলেও সমগ্ৰ বিষয়টো জিলা বনবিভাগৰ বিভাগীয় তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷ প্ৰশাসনৰ ছত্ৰছায়াতে নিতৌ এনে অবৈধ মালবাহী ট্ৰাকত লাখ লাখ টকাৰ সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰিব পাৰিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ।

লগতে আন এটা বাতৰি - বাইহাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপৰহণ কৰা বাহন

ABOUT THE AUTHOR

...view details