শিৱসাগৰ,20মেঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে বুধবাৰে শিৱসাগৰ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান কাৰ্যালয় পৰিদৰ্শন কৰি মন্তব্য কৰে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সময়ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী আৰু বাহন সমূহে আগবঢ়াই অহা সেৱাৰ বুজ লোৱাৰ লগতে এনে দুৰ্যোগ পূৰ্ণ সময়ত নিজৰ কৰ্তব্য পালন কৰি থকা কৰ্মচাৰী সকলক উৎসাহ প্ৰদান কৰে অধক্ষ্য গৰাকীয়ে।
শিৱসাগৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ - অশোক কুমাৰ ভট্টৰায়ে
শিৱসাগৰ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ আস্থান কাৰ্যালয় পৰিদৰ্শন কৰি কৰ্মচাৰী সকলৰ মনোবল বৃদ্ধি কৰে অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে ৷
পৰিদৰ্শন কালত শিৱসাগৰ পৰিবহণ আস্থানৰ বুজ লৈ কৰ্মচাৰী সকলৰ অভাৱ-অভিযোগৰ বুজ লয়।এনে সংকটৰ সময়ত অসম ৰাজ্যিক পযিবহণ নিগমৰ কৰ্মচাৰীয়ে বিভিন্ন ৰাজ্যৰ পৰা ৰেলযোগে অহা যাত্ৰী সকলক নিজ নিজ গন্তব্য স্থানলৈ অনানিয়া কৰি অহাৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে পৰিবহণ নিগমৰ বাহনে আগবঢ়াই অহাৰ কথা উল্লেখ কৰে ৷ কভিড ১৯ ৰোগৰ সক্ৰমণৰ সময়ত নিগমে দায়িত্ব আৰু সততাৰে সেৱা আগবঢ়াই আহিছে যাৰ বাবে ইতিমধ্যে পৰিবহণ নিগমৰ কেইবাগৰাকী কৰ্মচাৰী কোৱাৰেণ্টাইন হবলগীয়া হৈছে। তথাপিও দুৰ্গত যাত্ৰী সকলক নিজ গৃহত উপস্থিত কৰি পৰিয়ালৰ সৈতে একত্ৰিত কৰাৰ গধুৰ দায়িত্ব পালন কৰি আহিছে পৰিবহণ নিগমে। চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি ভৱিষ্যত সময়তো নিগমে সেৱা আগবঢ়াই যাব বুলি অধক্ষ্য গৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ ঘৰৰ অতিৰিক্ত বিচনা কোৱাৰেন্টাইন কেন্দ্ৰত দান কৰিবলৈ আহ্বান দৰঙৰ উপায়ুক্তৰ