অসম

assam

ETV Bharat / state

শিৱসাগৰলৈ সন্মান কঢ়িয়াই আনিছে দুই অসম সন্তানে

State Highest Civilian Awards: অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা লাভ কৰি শিৱসাগৰলৈ সন্মান কঢ়িয়াই আনিছে দুই অসমীয়াই ৷ অসম চৰকাৰে ঘোষণা কৰা "অসম গৌৰৱ" বঁটাৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ বিশিষ্ট চাউণ্ড ইঞ্জিনীয়াৰ দেৱজিৎ চাংমাই । আনহাতে অসম গৌৰৱ বঁটাৰ বাবে শিৱসাগৰ জিলাৰ এগৰাকী আশাকৰ্মী মিনাক্ষী চেতিয়াও নিৰ্বাচিত হৈছে ।

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 7:29 PM IST

State Highest Civilian Awards
শিৱসাগৰলৈ সন্মান কঢ়িয়াই আনিছে দুই অসম সন্তানে

শিৱসাগৰলৈ সন্মান কঢ়িয়াই আনিছে দুই অসম সন্তানে

শিৱসাগৰ, 17 জানুৱাৰী :অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 16 জানুৱাৰী অৰ্থাৎ মঙলবাৰে ঘোষণা কৰে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা । দিছপুৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক সংবাদমেলযোগে এই বঁটাসমূহ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ড৹ শৰ্মাই উল্লেখ কৰা অনুসৰি, অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে এলভিছ আলী হাজৰিকা, কিষাণ চান্দ নদীয়াল , হিমা দাস আৰু নাদিয়াল দেউৰীক । ইপিনে অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে বিহুৱা ৰঞ্জিত গগৈ, হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, ছাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, ওজাপালি বিশেষজ্ঞ দ্ৰোণ ভূঞা, জৈৱিক কৃষি বিশেষজ্ঞ নীলম দত্তক ৷

আশাকৰ্মী মিনাক্ষী চেতিয়া

লগতে এই বঁটা উদ্যোগী অনুপম ডেকা, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত, কৃষক বসন্ত ফুকন, বাঁহ উদ্যোগৰ বাবে মানেন্দ্ৰ ডেকা, আশাকৰ্মী মিনাক্ষী চেতীয়া, পখিলা লেকথেপি, ট্টেনজিং বদোচা, নিৰ্মল দে, জেমছিন কুমবাংপাও, মেৰি হাচা, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তাকো আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

অহা 10 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই এই বঁটা প্ৰদান কৰিব । এই অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ।

আশাকৰ্মী মিনাক্ষী চেতিয়া

এই ঘোষণাৰ পিচতে শিৱসাগৰত আনন্দৰ বন্যা বৈছে ৷ অসম চৰকাৰে ঘোষণা কৰা "অসম গৌৰৱ" বঁটাৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ বিশিষ্ট চাউণ্ড ইঞ্জিনীয়াৰ দেৱজিৎ চাংমাই । শিৱসাগৰ জিলাৰ বেতবাৰী নিবাসী তথা চিত্ৰ নগৰী মুম্বাইত কৰ্মৰত চাংমায়ে অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটা লাভ কৰাত গভীৰ সন্তুষ্টি ব্যক্ত কৰিছে । মুম্বাইৰ পৰা চাংমায়ে প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই বঁটা প্ৰাপ্তিৰ খবৰ তেওঁৰ বাবে অপ্ৰত্যাশিত আছিল বুলি প্ৰকাশ কৰিছে। চাংমাইক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ বাবে তেওঁ অসম চৰকাৰ তথা বঁটাৰ নিৰ্বাচকসকলক ধন্যবাদ জ্ঞাপন কৰিছে ৷

ইয়াৰ উপৰিও তেওঁ পিতৃ-মাতৃ,শুভাকাংক্ষী, শিক্ষাগুৰু আদিকে ধৰি তেওঁ জীৱন পৰিক্ৰমাত লগ পোৱা সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে । এইসকল লোকৰ সহযোগ নোপোৱা হ’লে তেওঁ কেতিয়াও এই প্ৰাপ্তিৰ যোগ্য নহ’লহেতেন বুলি প্ৰকাশ কৰিছে।

আনহাতে এই সন্মানীয় অসম গৌৰৱ বঁটাৰ বাবে শিৱসাগৰ জিলাৰ এগৰাকী আশাকৰ্মী মিনাক্ষী চেতিয়াও নিৰ্বাচিত হৈছে । মিনাক্ষী জিলাখনৰ ডিমৌ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ভীমপোৱা উপ স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী । 41 বছৰীয়া মিনাক্ষীয়ে বিগত বছৰ বানপানীৰ সময়ত নিজৰ এলেকাত ৰাইজক স্বাস্থ্য আৰু চিকিৎসা সেৱা উপলদ্ধ কৰোৱাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লৈছিল ৷

লগতে পঢ়ক:2023-24 বৰ্ষৰ শিল্পী সন্মান ঘোষণা: 62 গৰাকীলৈ শিল্পী পেন্সন

ABOUT THE AUTHOR

...view details