অসম

assam

ETV Bharat / state

শিৱসাগৰৰ দিন হাজিৰা কৰা জাকিৰ আলিৰ পুত্ৰ আৰবাজৰ সফলতা - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

আৰ্থিক সংঘাতৰ পাচতো আৰবাজে শিৱসাগৰ মহাবীৰ চিলাৰায় কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮১% নম্বৰেৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়।

শিৱসাগৰৰ দিন হাজিৰা কৰা জাকিৰ আলিৰ পুত্ৰ আৰবাজৰ সফলতা

By

Published : May 27, 2019, 10:30 PM IST

শিৱসাগৰ, 27 মেঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হৈছে ডিমৌ মুখৰ আৰবাজে আলিয়ে ৷ পিতৃ জাকিৰ আলিয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে মাতৃ মলিকা বেগমেও আনৰ ঘৰত বনকৰি ঘৰ চলোৱাত সহায় কৰে ৷ আৰ্থিক সংঘাতৰ পাচতো আৰবাজে শিৱসাগৰ মহাবীৰ চিলাৰায় কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮১% নম্বৰেৰে উত্তীৰ্ণ হবলৈ সক্ষম হয়। ঘৰুৱা কামৰ মাজতো নিজৰ আধ্যয়ন আগবঢ়াই নিয়া আৰবাজৰ পৰিয়ালৰ বাবে উচ্চ শিক্ষা সপোনৰো অগোচৰ ৷ সেয়ে ইতিমধ্যে আছুকে ধৰি বিভিন্ন অনুষ্ঠান আৰবাজৰ উচ্চ শিক্ষাৰ বাবে আগবাঢ়ি অহা বুলি জানিব পৰা গৈছে ৷

শিৱসাগৰৰ দিন হাজিৰা কৰা জাকিৰ আলিৰ পুত্ৰ আৰবাজৰ সফলতা

ABOUT THE AUTHOR

...view details