অসম

assam

ETV Bharat / state

অৰুণাচলত উদ্ধাৰ শিৱসাগৰৰ পৰা চুৰি ফকলেন - চুৰি

শিৱসাগৰৰ ভোলানাথ পাৰ্কিঙৰ পৰা আৰিফ খান, ৰাজু আৰু কেইজনমান যুৱকে ভয়-ভাবুকিৰে ঝাৰখণ্ড নিবাসী উমেশ কুমাৰ যাদৱৰ ফকলেনখন কাঢ়ি লৈ যায় । আনহাতে বৰ্তমানে পলাতক আৰিফ খানে ফকলেন খন উমেশ যাদৱৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰি কেতবোৰ দলিল আৰক্ষীক প্ৰদান কৰিছে যদিও বৰ্তমানো আৰক্ষী নিশ্চিত হ'ব পৰা নাই।

অৰুণাচলত উদ্ধাৰ চুৰি ফকলেন

By

Published : May 5, 2019, 8:02 PM IST

শিৱসাগৰ, ৫ মেঃ অৰুণাচলত উদ্ধাৰ হ'ল ১৯ এপ্ৰিলত চুৰি হোৱা এখন ফকলেন। অভিযোগ অনুসৰি শিৱসাগৰৰ ভোলানাথ পাৰ্কিঙৰ পৰা আৰিফ খান, ৰাজু আৰু কেইজনমান যুৱকে ভয়-ভাবুকিৰে ঝাৰখণ্ড নিবাসী উমেশ কুমাৰ যাদৱৰ ফকলেনখন কাঢ়ি লৈ যায় ।

অৰুণাচলত উদ্ধাৰ চুৰি ফকলেন

ঘটনা সন্দৰ্ভত উমেশ কুমাৰ যাদৱে শিৱসাগৰ সদৰ থানাত ২১ এপ্ৰিলত এজাহাৰ দাখিল কৰে আৰু দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩০২/২০১৯ নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডাবিধি আইনৰ ৩৮৭ ধাৰাত অনুসন্ধান আৰম্ভ কৰে। ফকলেনখন ক্ৰয়ত বিত্তীয় সহায় প্ৰদান কৰা বিআৰডি ইকুইপমেণ্ট ফাইনেঞ্চ লিমিটেডৰ জিপিএছ চিষ্টেমত অৱশেষত অৰুণাচলৰ মেও থানাৰ অন্তৰ্গত খাচাংত ফকলেন থকা বুলি তথ্য লাভ কৰে শিৱসাগৰ আৰক্ষীয়ে।

শুকুৰবাৰে শিৱসাগৰ আৰক্ষীৰ এটা দলে অৰুণাচল আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ফকলেনখন। আনহাতে বৰ্তমানে পলাতক আৰিফ খানে ফকলেন খন উমেশ যাদৱৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰি কেতবোৰ দলিল আৰক্ষীক প্ৰদান কৰিছে যদিও বৰ্তমানো আৰক্ষী নিশ্চিত হ'ব পৰা নাই।

ABOUT THE AUTHOR

...view details