ৰোজা ভাঙি হিন্দু মহিলাক জীৱন দান কৰা দুজন যুৱক - ৰোজা
যি সময়ত জাত পাতৰ সংকীৰ্ণতাই সমাজত ক্ৰমাণ্বয়ে বিৰূপ প্ৰভাৱ পেলাইছে সেই সময়তে আবিদুৰ ৰহমান আৰু মুন্না আনচাৰী নামৰ দুজন যুৱকে ৰোজা ভাঙি হিন্দু লোকক ৰক্তদানেৰে দেখুৱাইছে ঐক্যৰ নিৰ্দশন ৷
![ৰোজা ভাঙি হিন্দু মহিলাক জীৱন দান কৰা দুজন যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3276500-409-3276500-1557841993199.jpg)
জাত্যাভিমান, সংকীৰ্ণতাৰ পৰা আতৰি আহি শিৱসাগৰৰ এজন যুৱকে দেখুৱালে নিদৰ্শন৷ শিৱসাগৰত মঙলবাৰে পবিত্ৰ ৰমজানৰ ৰোজা ভাঙি এগৰাকী হিন্দু মহিলাক জীৱন দান দিবৰ বাবে ৰক্তদান কৰিলে এজন মুছলমান যুৱকে৷ জাত পাতৰ উৰ্ধত গৈ মানৱ ধৰ্মইহে যে প্ৰকৃত ধৰ্ম সেয়া পৰিস্ফূত হৈছে শিৱসাগৰৰ এই যুৱকজনৰ কৰ্মত ৷ ৰোজা ভাঙি দুগৰাকী ৰোগীক জীৱন দান দিয়ে আবিদুৰ ৰহমান নামৰ শিৱসাগৰৰ যুৱকজনে ৷ ইফালে , বিশ্বনাথত মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে ৰোজা ভাঙি কৰিলে ৰক্তদান । ৰাজ্যত ধৰ্মৰ নামত সংঘাত অব্যাহত থকাৰ সময়তেই পুনৰ হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰিলে ঢেকিয়াজুলিৰ মুন্না আনচাৰীয়ে ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ...