ডিমৌ, ১৭ মেঃ ডিমৌৰ খৰাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মাছৈ গাঁৱৰ পথৰ দুৰৱস্থাৰ বাবে ৰাইজে দুই কিলোমিটাৰ কান্ধত তুলি নিব লগা হ'ল গৰ্ভৱতী মহিলাক ।
পথৰ দূৰাৱস্থাঃ কান্ধত তুলি চিকিৎসালয়ৈ নিলে প্ৰসূতিক - Dimow
২ নং মাছৈ গাঁৱৰ পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত বিগত কেইদিনামৰ নেৰানেপেৰা বৰষুণৰ বাবে বোকাময় হৈ পৰিছে ৷ ফলত যাতায়তৰ বাবে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰিছে পথটো । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ পথটোৰ মেৰামতি কৰিবৰ বাবে আবেদন-নিবেদন কৰিছে যদিও, কোনো সুফল ধৰা নাই । যাৰবাবে দুৰ্ভোগত ভুগিব লগা হৈছে জনসাধাৰণে ।
![পথৰ দূৰাৱস্থাঃ কান্ধত তুলি চিকিৎসালয়ৈ নিলে প্ৰসূতিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3305080-thumbnail-3x2-dimow.jpg)
ডিমৌ সমীপৰ খৰাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মাছৈ গাঁৱৰ পথৰ দুৰৱস্থাৰ বাবে এতিয়া ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । ২ নং মাছৈৰ সঞ্জীৱ ধৰৰ গৰ্ভৱতী পত্নী পূজা ধৰ প্ৰসৱ বেদনাত চটফটাই থকা সময়ত চিকিৎসালয়লৈ নিবলৈ যাতায়তৰ সুব্যৱস্থা নথকাৰ বাবে ওচৰৰে কেইবা গৰাকী পুৰুষ মহিলাই কান্ধত তুলি নিব লগা হ'ল গৰ্ভৱতী মহিলা গৰাকীক । প্ৰায় দুই কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত হে এম্বোলেঞ্চত তুলিব পাৰিল গৰ্ভৱতী মহিলা গৰাকীক । পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত বৰষুণৰ বাবে বোকাময় হৈ পৰাত পথটোত যাতায়তৰ অনুপযোগী হৈ পৰে । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ পথটোৰ মেৰামতি কৰিবৰ বাবে আবেদন-নিবেদন কৰিছে যদিও, কোনো সুফল পাৱো নাই ৰাইজে । যাৰবাবে দুৰ্ভোগত ভুগিব লগা হৈছে সাধাৰণ জনতা । ইয়াক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন, লগতে অতি শীঘ্ৰে পথটো মেৰামতিৰ দাবী জনাইছে স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক ভুক্তভোগি ৰাইজে ।
লগতে আন এটা বাতৰি - বিস্ফোৰণে স্পষ্ট কৰিছে চৰকাৰৰ ব্যৰ্থতাক :কংগ্ৰেছ