অসম

assam

ETV Bharat / state

পুনৰ অখিল গগৈক গ্ৰেপ্তাৰৰ বাবে সাজুু অসম আৰক্ষী - অখিল গগৈ

বিগত ১৯ মাৰ্চৰ পৰা সুদীৰ্ঘ দিনে শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈৰ জামিন লাভৰ আশা প্ৰকট হৈ উঠিছে ৷ কিন্তু এই খবৰ লাভ কৰা মাত্ৰকে অসম আৰক্ষীৰ এটা দল পুনৰ সাজু হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীক পুনৰ আন এক গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ ৷

Assam police ready to arrest KMSS leader Akhil Gogoi
অখিল গগৈক গ্ৰেপ্তাৰৰ বাবে সাজুু অসম আৰক্ষী

By

Published : Mar 31, 2020, 6:13 PM IST

শিৱসাগৰ,31 মাৰ্চঃবিগত ২৮ মাৰ্চত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অখিল গগৈৰ জামিন মঞ্জুৰ কৰাৰ পাছত পুনৰ কৃষক নেতাজনক গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে ডিব্ৰুগড় আৰক্ষী ৷ কৃষক মুক্তিৰ নেতাগৰাকীৰ বিৰুদ্ধে পূৰ্বে শিৱসাগৰ সদৰ থানাত ১৩৪৪/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন হৈছিল ৷ ১৯ মাৰ্চৰ পৰা সুদীৰ্ঘ দিন ধৰি শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ আছে অখিল গগৈ ৷

অখিল গগৈক গ্ৰেপ্তাৰৰ বাবে সাজুু অসম আৰক্ষী

আনহাতে,চাবুৱা থানাত ৰুজু হোৱা ২৮৯/১৯ নং গোচৰত অখিলক গ্ৰেপ্তাৰৰ বাবে পুনৰ সাজু হৈ উঠিছে আৰক্ষী ৷ নেতাগৰাকীক গ্ৰেপ্তাৰৰ বাবে শিৱসাগৰ জিলা কাৰাগাৰৰ প্ৰৱেশদ্বাৰত মঙলবাৰে উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী ৷ নামৰূপৰ মহকুমা আৰক্ষী বিষয়া কুলপ্ৰদীপ ভট্টাচাৰ্যৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল ইতিমধ্যে উপস্থিত হৈছে শিৱসাগৰত ৷ শিৱসাগৰৰ পৰা জামিন লাভ কৰি কাৰাগাৰৰ বাহিৰলৈ ওলালে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ব কৃষক মুক্তিৰ নেতাগৰাকীক ৷ ইয়াৰ লগতে,গৌৰীসাগৰ সদৰ থানাত ৰুজু হৈ থকা ১৫৪/১৯ নম্বৰৰ আন এক গোচৰৰ জামিন আবেদন দাখিল কৰিছে অখিলৰ অধিবক্তাই ৷ মঙলবাৰে শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চলি আছে উক্ত আবেদনৰ শুনানি ৷ গগৈৰ জামিন লাভৰ সম্ভাৱনা দেখি পুনৰ গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে অসম আৰক্ষী ৷

লগতে চাওকঃবৰপথাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details