অসম

assam

ETV Bharat / state

বিনামূলীয়া হ'ব শিক্ষা ব্যৱস্থাঃ তপন গগৈ

সকলো চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্ত্তি বিনামূলীয়া কৰা হৈছে । ইতিমধ্যে যি সকলে নামভৰ্তিৰ নামত ধন ব্যয় কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ ধন ঘূৰাই দিয়া হ'ব । একেদৰে বিশ্ববিদ্যালয় পৰ্যন্ত সকলো পাঠ্যপুথি চৰকাৰে বিনিমূলীয়াকে প্ৰদান কৰিব বুলি মন্তব্য কৰে গগৈয়ে ।

বিনামূলীয়া হব শিক্ষা ব্যৱস্থাঃ তপন গগৈ

By

Published : Jun 11, 2019, 8:11 PM IST

শিৱসাগৰ, ১১জুনঃ শিৱসাগৰ নাট্য মন্দিৰত ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰা এক অভিনন্দন অনুষ্ঠানত সাংসদ তপন গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য। সকলো চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰা হৈছে বুলি মন্তব্য ৷

বিনামূলীয়া হব শিক্ষা ব্যৱস্থাঃ তপন গগৈ

যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ তপন গগৈয়ে প্ৰকাশ কৰে যে, ৰাজ্য চৰকাৰে অনতিপলমে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে কেতবোৰ বিশেষ ৰেহাইৰ ব্যৱস্থা ল'ব ৷ সেই অনুসৰি সকলো চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি বিনামূলীয়া কৰা হৈছে। ইতিমধ্যে যি সকলে নামভৰ্তিৰ নামত ধন ব্যয় কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ ধন ঘূৰাই দিয়া হ'ব । একেদৰে বিশ্ববিদ্যালয় পৰ্যন্ত সকলো পাঠ্যপুথি চৰকাৰে বিনিমূলীয়াকে প্ৰদান কৰিব। ইয়াৰ উপৰি মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যন্ত পৰীক্ষাৰ ফৰ্ম ফিলাপ বিনামূলীয়া কৰা হ'ব। লগতে হোষ্টেলত থাকি অধ্যয়ন কৰা সকলো শিক্ষাৰ্থীয়ে মাহে ৭০০ টকাকৈ জলপানি লাভ কৰিব বুলি গগৈয়ে উল্লেখ কৰে। অনুষ্ঠানত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীণ হোৱা ১২০ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী আৰু নৱ নিৰ্বাচিত লোকসভাৰ সাংসদ তপন গগৈ আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয় । যুৱ মাৰ্চৰ ৰাজ্যিক নেতা ময়ূৰ বুঢ়াগোহাঁই, অধ্যক্ষ প্ৰফুল্ল কলিতা,সব্যসাচী মহন্ত,বি জে পি দলৰ শিৱসাগৰ জিলাৰ সভানেত্ৰী সুৰভি ৰাজকুমাৰী সহ বহু গন্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ABOUT THE AUTHOR

...view details