শিৱসাগৰ, 2 এপ্ৰিলঃ বিজেপিত যোগদানৰ পিচত কোনোকালেই নাজিৰাত উপস্থিত নোহোৱা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদাৰ্পণ একালৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ গৃহ সমষ্টি নাজিৰাত। মঙলবাৰে নাজিৰাৰ মেজেঙ্গাত বিজেপি দলৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
'ৰজাৰ পুতেক ৰজা হ’ব নোৱাৰে' ! কোনে ৰজাৰ পুতেক? - himanta biswa campaign
লোকসভা নিৰ্বাচনৰ পিচত প্ৰতি মাহেই এবাৰকৈ নাজিৰা ভ্ৰমণ কৰিব হিমন্ত বিশ্ব শৰ্মাই
নাজিৰাত উপস্থিত হৈ নাজিৰা সমষ্টিৰ বাট পথৰ বিধস্ত ৰূপ লৈ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াক কটাক্ষ কৰাৰ উপৰিও ৰজাৰ পুতেক ৰজা হব নোৱাৰে বুলি কটু মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিচত নাজিৰাৰ দায়িত্ব লোৱা মানুহে একালৰ ১ নং সমষ্টি বুলি পৰিচিত নাজিৰাক ১২৬ নম্বৰলৈ পৰ্যবসিত কৰিলে বুলিও নিজৰ ভাষণত শৰ্মাই মন্তব্য কৰে।
লোকসভা নিৰ্বাচনৰ পিচত প্ৰতি মাহেই এবাৰকৈ নাজিৰা ভ্ৰমণ কৰি নাজিৰাৰ ৰাস্তা ঘাট উন্নয়ন কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীজনে৷ একালত কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাত নাজিৰাত অৱস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ আৱণ্টন দিয়াৰ প্ৰতিশ্ৰুতি দি পূৰণ কৰাটো দূৰৈৰ কথা মন্ত্ৰী শৰ্মাক সাংবাদিকে বিষয়টো আজিৰ সভাত মনত পেলাই দিয়াত সেই কথা পাহৰিলে বুলিহে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷