শিৱসাগৰ, 23 নৱেম্বৰ :অসম-মেঘালয়ৰ সীমান্তৰ উত্তেজনা অব্যাহত থকাৰ সময়তে অসমৰ মাটিত নগাৰ আগ্ৰাসন (Naga encroachment in Assam) । বুধবাৰে পুৱাই নাজিৰাস্থিত অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰৰ ঔগুৰিজানত নগা প্ৰশাসন আৰু আৰক্ষী উপস্থিত হৈ ভাঙিলে অসমৰ ১২ খন দোকান ৷
অসম-মেঘালয়ৰ সীমা বিবাদক লৈ উত্তেজনা চলি থকাৰ মাজতেই এইবাৰ অসমৰ ভূমিত পুনৰ চলিছে নগাৰ আগ্ৰাসন । মেঘালয়ৰ পাছত নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তত বুধবাৰে পুৱাই সৃষ্টি হয় উত্তেজনা । নাজিৰাৰ বিহুবৰত নগা প্ৰশাসনে ভাঙিলে ১২ খনকৈ হোটেল, দোকান । ঔগুৰিজানত পুৱাই নগা আৰক্ষীয়ে এক্সকেভেটৰেৰে ভাঙিলে ১২ খনকৈ দোকান (Eviction by Nagaland Administration in Assam)। অসমৰ মাটিত নাগালেণ্ড প্ৰশাসনৰ দ্বাৰা চলা এই অভিযানক লৈ বিহুবৰৰ ঔগুৰিজানত সৃষ্টি হয় উত্তেজনা ।
উল্লেখ্য যে, দোকান-পোহাৰসমূহত অবৈধ সুৰাৰ অবাধ প্ৰচলন চলি অহাৰ অভিযোগ উত্থাপন কৰি আহিছে নাগালেণ্ডৰ প্ৰশাসনে । চুবুৰীয়া ৰাজ্যখনৰ সকীয়নিৰ বিপৰীতে নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছিল নাজিৰা মহকুমা প্ৰশাসন আৰু বিহুবৰ আৰক্ষী থানাই (Bihubor Police Station)।