আমগুৰি, 24 মেঃ আমগুৰি মহকুমা কৃষি কাৰ্যালয়ত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত দুৰ্নীতি সংঘটিত কৰা বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম নৱ নিৰ্মাণ সেনাৰ । সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দিগন্ত শইকীয়াই আমগুৰি মহকুমা কৃষি কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ বিষয়া ৰঞ্জিত নাথ, পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । সমগ্ৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষকৰ লগতে অসম চৰকাৰৰ মুখ্য সচিবলৈ আইনী ব্যৱস্থাৰ বাবে আবেদন জনাইছে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে ।
কৃষি সম্প্ৰসাৰণ বিষয়াৰ বিৰুদ্ধে গোচৰ অসম নৱ নিৰ্মাণ সেনাৰ - আমগুৰিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি দুৰ্নীতি
আমগুৰি মহকুমা কৃষি কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ বিষয়া ৰঞ্জিত নাথ, পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সেনাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত শইকীয়াই । ইতিমধ্যে আমগুৰি আৰক্ষী থানাত ৯৯/২০ নম্বৰত গোচৰ ৰুজু হোৱাৰ লগতে ১২০ বি/ ৪০৯/ ৪২০ ধাৰাৰ অধীনত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
![কৃষি সম্প্ৰসাৰণ বিষয়াৰ বিৰুদ্ধে গোচৰ অসম নৱ নিৰ্মাণ সেনাৰ Assam Naba Nirman Sena FIR against Amguri Krishan sanman Nidhi sacam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7327295-thumbnail-3x2-a.jpg)
আমগুৰিত কৃষি সম্প্ৰসাৰণ বিষয়াৰ বিৰুদ্ধে গোচৰ অসম নৱ নিৰ্মাণ সেনাৰ
আমগুৰিত কৃষি সম্প্ৰসাৰণ বিষয়াৰ বিৰুদ্ধে গোচৰ অসম নৱ নিৰ্মাণ সেনাৰ
উল্লেখ্য যে, বিষয়াগৰাকীয়ে আমগুৰি মহকুমা কৃষি কাৰ্যালয়ৰ অধীনৰ ৰাইদঙীয়া গাঁও, আমগুৰি গ্ৰান্ট, টেপৰ গাঁও, অভয়পুৰীয়া গাঁও, চলিহা কাকতি গাঁৱত ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম নৱ নিৰ্মাণ সেনাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত শইকীয়াই । ইতিমধ্যে আমগুৰি আৰক্ষী থানাত ৯৯/২০ নম্বৰৰ গোচৰ ৰুজু হোৱাৰ লগতে ১২০ বি/ ৪০৯/ ৪২০ ধাৰাৰ অধীনত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক- চাংসাৰিত নতুন কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তুতি প্ৰশাসনৰ