অসম

assam

ETV Bharat / state

অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন - অসম চিকিৎসা সেৱা সন্থা

১৯৫৮ চনতে গঠন হোৱা অসমৰ চিকিৎসকলৰ অন্যতম অগ্ৰণী অনুষ্ঠান অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন কৰিলে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে ৷ চিকিৎসক সকলৰ স্বাৰ্থ আৰু সুৰক্ষা নিশ্চিত কৰিবৰ বাবে গঠন হৈছিল অসম চিকিৎসা সেৱা ৷

অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Nov 6, 2019, 1:12 PM IST

শিৱসাগৰ, 6 নৱেম্বৰঃ ১৯৫৮ চনত অসমৰ চিকিৎসক সকলৰ স্বাৰ্থ আৰু সুৰক্ষা নিশ্চিত কৰিবৰ বাবে গঠন হৈছিল অসম চিকিৎসা সেৱা সন্থাৰ । অসমৰ চিকিৎসক সকলৰ বাবে বিভিন্ন সময়ত যুঁজ দি অহা এই সন্থাই নব্বৈৰ দশকত চিকিৎসক সকলৰ স্বাৰ্থত এক তীব্ৰ আন্দোলন গঢ়ি তুলি ১৭ দফীয়া দাবী পূৰণ কৰিবলৈ চৰকাৰক বাধ্য কৰিছিল । তাৰ পাছৰে পৰা প্ৰতি বছৰে অসম চিকিৎসা সেৱা সন্থাই ৬ নৱেম্বৰ তাৰিখে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে ।

শিৱসাগৰত অসম চিকিৎসা সেৱা সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
বুধাবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত সন্থাই উদযাপন কৰে প্ৰতিষ্ঠা দিৱস । চিকিৎসক,নাৰ্চ,স্বাস্থ্যকৰ্মী আদি সকলো সমবেত হৈ অসম চিকিৎসা সেৱা সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ বিষয়ববীয়া উদয়াদিত্য ৰাজকোঁৱৰে । অসমৰ সকলো চিকিৎসকৰ স্বাৰ্থ সুৰক্ষিত কৰি যোৱাৰ লগতে সেৱাৰ মানদণ্ড উন্নত কৰিবৰ বাবে সন্থাই অহৰ্নিশ চেষ্টা কৰা বুলি সন্থাৰ সহকাৰী সম্পাদক ৰূপম বৰকাকতিয়ে জানিবলৈ দিয়ে ‌। লগতে তেওঁ চৰকাৰক অনতিপলমে খালী হৈ থকা পদ সমূহ পূৰণৰ লগতে নৱ গঠিত জিলা সমূহত চিকিৎসা প্ৰশাসনিক বিষয়া নিয়োগ কৰাৰো দাবী উত্থাপন কৰে ।

লগতে চাওকঃ

ABOUT THE AUTHOR

...view details