আমগুৰি, ২৮ আগষ্ট :পুনৰ বহিঃৰাজ্যৰ পৰা আহিছে এক খবৰ ৷ বহিঃৰাজ্যত কৰ্মৰত এগৰাকী ব্যক্তিৰ ৰহস্যজনক মৃত্যুৰ খবৰে হুৱাদুৱা লগাইছে আমগুৰিৰ খনিকৰ গাঁৱত । গৃহ অভিমুখী এখন ট্ৰেইনত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে ব্যক্তিজনৰ মৃতদেহ । মৃত ব্যক্তিজন শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰা খনিকৰ গাঁৱৰ বিমান চুতীয়া (৪৫) বুলি জানিব পৰা গৈছে ৷
মৃত বিমান চুতীয়াৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, কৰ্ণাটক ৰাজ্যৰ বেংগালুৰুৰ আস্তিন নামৰ এটা প্লাই উড ফেক্টৰীত মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল বিমান চুতীয়া ৷ বিগত বুধবাৰে ঘৰলৈ বুলি ঘূৰি আহিছিল বিমান ৷ কিন্তু ভুলবশত বিমানে অসমৰ বিপৰীতে দিল্লীৰ ৰে’লত উঠি গুচি যায় ৷ পৰৱৰ্তী সময়ত দিল্লীত উপস্থিত হৈ চিন্তিত হৈ পৰে বিমান চুতীয়া ৷
পুনৰ শুক্ৰবাৰে এজন ব্যক্তিয়ে বিমান চুতীয়াক পুনৰ গুৱাহাটী অভিমুখী ৰে’লত উঠাই দিয়ে । শুক্ৰবাৰে নিশা প্ৰায় ১১ বজাত পত্নীৰ সৈতে ফোনযোগে কথা পাতে বিমান চুতীয়াই ৷ তেতিয়া তেওঁ গাজিয়াবাদ ৰে’ল ষ্টেচনত উপস্থিত হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰে ৷
আনকি সেই ৰে’ল ষ্টেচনতে তেওঁ এজন অচিনাকী ব্যক্তিৰ সৈতেও কথা পাতিছিল বুলি উল্লেখ কৰে ৷ ইমানলৈকে সকলো ঠিকেই আছিল, কিন্তু আজি অৰ্থাৎ সোমবাৰে পুৱতি নিশা অহা এটা খবৰে জোকাৰি গৈছে পৰিয়ালটোক ৷