শিৱসাগৰ, ৭ মেঃ শিৱসাগৰৰ কালুগাঁৱত লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্পৰ আধাৰত নিৰ্মাণ হ’বলগীয়া হিন্দী চিৰিয়েলৰ দৃশ্যগ্ৰহণ । বেজবৰুৱাৰ পাঁচটা চুটি গল্পৰ আধাৰত নিৰ্মাণ হ'ব হিন্দী চিৰিয়েল । দূৰদৰ্শনৰ কমিছন প্ৰগামৰ অধীনত নিৰ্মাণ কৰা ৰসৰাজ বেজবৰুৱাৰ চুটি গল্পৰ ওপৰত আধাৰিত 13 টা খণ্ডৰ চিৰিয়েল । হিন্দী ভাষাত নিৰ্মাণ হোৱা এই খণ্ডৰ নাম দিয়া হৈছে "ৰসৰাজ কী ৰসভৰী কথায়ে"। শিৱসাগৰ জিলাৰ বিভিন্ন পটভূমিত বেজবৰুৱাৰ পাঁচটা গল্প ক্ৰমে দুই বুদ্ধিয়ক,সেউতী,লটকণ,পাঁচনি আৰু কুকুৰীকণাক আধাৰ কৰি ১৩টা খণ্ডত এই চিৰিয়েল দূৰদৰ্শনৰ অৰুণপ্ৰভা চেনেলত সম্প্ৰচাৰিত হ’ব । তাৰোপৰি বেজবৰুৱাৰ দুই বুদ্ধিয়ক গল্পৰ পাঁচটা খণ্ড,সেউতী গল্পৰ চাৰিটা খণ্ড,লটকণৰ দুটা খণ্ডৰ লগতে পাঁচনি আৰু কুকুৰিকণাৰ এটাকৈ খণ্ডত নিৰ্মাণ হ’ব এই ধাৰাবাহিকখন । ধাৰাবাহিক খনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে বলিউডৰ সমভূষণ শ্ৰীবাস্তৱে । ধাৰাবাহিক খনৰ দৃশ্যগ্ৰহণ কৰিব শিৱসাগৰৰ সন্তান বলিউডৰ দৃশ্যগ্ৰহণকাৰী অভিজিৎ গগৈয়ে । কিছু দিনৰ পিছতেই এই ধাৰাবাহিক খনৰ সম্প্ৰচাৰ কৰিব বুলি জানিব দিছে, পৰিচালক ৰাজেশ ম'ৰে । অভিনয়ত থাকিব প্ৰাঞ্জল শইকীয়া,অনিমা শইকীয়া,সুনিতা কৌশিক আদি বহু জনপ্ৰিয় শিল্পী ।
লক্ষ্মীনাথ বেজবৰুৱাৰ "ৰসৰাজ কী ৰসভৰী কথায়ে" এইবাৰ ৰূপালী পৰ্দাত - shoting
শিৱসাগৰ জিলাৰ বিভিন্ন পটভূমিত বেজবৰুৱাৰ পাঁচটা গল্প ক্ৰমে দুই বুদ্ধিয়ক,সেউতী,লটকণ,পাঁচনি আৰু কুকুৰীকণাক আধাৰ কৰি 13 টা খণ্ডত এই ধাৰাবাহিক দূৰদৰ্শনৰ অৰুণপ্ৰভা চেনেলত সম্প্ৰচাৰিত হ’ব বুলি জনাইছে পৰিচালক ৰাজেশ ম'ৰে ।
লক্ষ্মীনাথ বেজবৰুৱাৰ "ৰসৰাজ কী ৰসভৰী কথায়ে"চিৰিয়েলৰ দৃশ্যগ্ৰহণ