অসম

assam

ETV Bharat / state

দেশৰ 73 সংখ্যক গণৰাজ্য দিৱসত অসমৰ যুৱতীয়ে কঢ়িয়ালে গৌৰৱ - Assam girl at India's Republic Day Parade

দেশৰ 73 তম গণৰাজ্য দিৱসত অসমৰ যুৱতীয়ে কঢ়িয়ালে গৌৰৱ (Assam girl takes part in 73rd Republic Day parade )। গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰীয় পতাকাৰ কাষলৈ লৈ গ'ল শিৱসাগৰ জিলাৰ আমগুৰিৰ অশ্বিনী হীৰা বৰুৱাই ।

assam-girl-takes-pride-on-73rd-republic-day
দেশৰ 73 সংখ্যক গণৰাজ্য দিৱসত অসমৰ যুৱতীয়ে কঢ়িয়ালে গৌৰৱ

By

Published : Feb 5, 2022, 1:03 PM IST

আমগুৰি, ৫ ফেব্ৰুৱাৰী :দেশৰ 73 তম গণৰাজ্য দিৱসত অসমৰ যুৱতীয়ে কঢ়িয়ালে গৌৰৱ(Assam girl takes part in 73rd Republic Day parade) । গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰীয় পতাকাৰ কাষলৈ লৈ গ'ল শিৱসাগৰ জিলাৰ আমগুৰিৰ অশ্বিনী হীৰা বৰুৱাই । উল্লেখ্য যে, শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ বাসিন্দা চন্দ্ৰ কান্ত হীৰা আৰু টুটু মণি বৰুৱাৰ কন্যা অশ্বিনী হীৰা বৰুৱা এগৰাকী NCC ৰ Cadet ( Assam girl at India's Republic Day Parade) ।

দেশৰ 73 সংখ্যক গণৰাজ্য দিৱসত অসমৰ যুৱতীয়ে কঢ়িয়ালে গৌৰৱ

বিগত 26 জানুৱাৰী তাৰিখে দেশে উদযাপন কৰা গণৰাজ্য দিৱসত দিল্লীৰ পেৰেডৰ বাবে সমগ্ৰ উত্তৰ পূৱৰ 57 জন অসমৰ 30 জন যুৱক যুৱতীৰ লগতে সুযোগ পাইছিল আমগুৰিৰ যুৱতী অশ্বিনী হীৰা বৰুৱাই । প্ৰতি বছৰে দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে এক কঠিন প্ৰক্ৰিয়াৰ মাজেৰে NCC ৰ cadet সকলক দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচন কৰা হয় । কিন্তু অতিকৈ গৌৰৱৰ বিষয় যে অশ্বিনী হীৰা বৰুৱাই কেৱল পেৰেডত অংশগ্ৰহণ কৰাই নহয় দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ প্ৰাকমুহূৰ্তত আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে ।

গণৰাজ্য দিৱস নাইবা স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পূৰ্বে দেশৰ ৰাষ্ট্ৰপতি নাইবা প্ৰধানমন্ত্ৰী গৰাকীক পতাকা উত্তোলন স্থলীলৈ আগবঢ়াই নিবৰ বাবে NCC ৰ দুগৰাকী Cadet ক দেশৰ ভিতৰতে নিৰ্বাচন কৰা হয় । বিগত গণৰাজ্য দিৱস উদযাপনত জম্মু আৰু কাশ্মীৰৰ এগৰাকী যুৱতীৰ লগতে এই সুযোগ লাভ কৰিছিল অসমৰ অশ্বিনী হীৰা বৰুৱাই । বহু বছৰৰ পাছত অসমে অশ্বিনীৰ জৰিয়তে এনে এক সুযোগ লাভ কৰিবলৈ সক্ষম হ'ল । যুৱতীগৰাকীয়ে লগতে সুন্দৰ পেৰেডৰ বাবে প্ৰমাণ পত্ৰ লাভ কৰিবলৈও সক্ষম হয় । জানিব পৰা মতে অশ্বিনীয়ে বৰ্তমান যোৰহাটস্থিত দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত ইংৰাজী বিষয়ক সন্মান হিচাপে লৈ পঞ্চম ষান্মাসিকত অধ্যয়ন কৰি আছে ।

লগতে পঢ়ক :মাকক বিচাৰি হাহাকাৰ এটি 11 বছৰীয়া কিশোৰ

ABOUT THE AUTHOR

...view details