শিৱসাগৰ,2 ডিচেম্বৰঃ সাহিত্য সংস্কৃতি সমন্বয়, অসমৰ উদ্যোগত শিৱসাগৰ নগৰৰ নাট্য মন্দিৰত আজি "অসম দিৱস"(চুকাফা দিৱস)পালন কৰা হয়। ত্ৰয়োদশ শতিকাত অসমলৈ আহি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আগবঢ়োৱা আহোম স্বৰ্গদেউ চাউ লুং চুকাফাই চৰাইদেউত ৰাজধানী পাতি আহোম শাসনৰ পাতনি মেলিছিল । এইজনা স্বৰ্গদেউৰ শাসনত সিঁচৰত অসমীয়া জাতিয়ে এক আধাৰ লাভ কৰিছিল। যাৰ ফলশ্ৰুতিত আজিৰ অসমীয়া জাতিৰ পৰিচয় পাবলৈ সক্ষম হ'ল ।
শিৱসাগৰত অসম দিৱস উদযাপন - সাহিত্য সংস্কৃতি সমন্বয়
ত্ৰয়োদশ শতিকাত অসমলৈ আহি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আগবঢ়োৱা আহোম স্বৰ্গদেউ চাউ লুং চুকাফাই চৰাইদেউত ৰাজধানী পাতি আহোম শাসনৰ পাতনি মেলিছিল । এইজনা স্বৰ্গদেউৰ শাসনত সিঁচৰত অসমীয়া জাতিয়ে এক আধাৰ লাভ কৰিছিল । যাৰ ফলশ্ৰুতিত আজিৰ অসমীয়া জাতিৰ পৰিচয় পাবলৈ সক্ষম হ'ল ।
শিৱসাগৰত অসম দিৱস উদযাপন
এইজনা জাতিৰ খনিকৰৰ সন্মানত অসম চৰকাৰে প্ৰতি বছৰে 'অসম দিৱস" পালন কৰি আহিছে । আজি নাট্য মন্দিৰত সাহিত্য সংস্কৃতিক সমন্বয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অসম দিৱস পালন কৰি কবিতা আবৃত্তি, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ওপৰিও এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । উক্ত আলোচনা চক্ৰত বুৰঞ্জী বিভাগৰ অধ্যাপক ডঃ ত্ৰিদীৱ মহন্তই সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে । ক’ভিড প্ৰটকল মানি অনুষ্ঠিত এই অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃ কোন ক'ত হব প্ৰাৰ্থীঃ ৰূপৰেখা প্ৰস্তুত অসম জাতীয় পৰিষদৰ