অসম

assam

ETV Bharat / state

ডিমৌত আৰক্ষীৰ হাতত ৬ লোহাচোৰ আটক

ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দলং নিৰ্মাণৰ বাবে মজুত কৰি থোৱা লোহাৰ ৰ'ড চুৰি কৰি নিয়াৰ পথত ডিমৌ শান্তিপুৰত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰি হাতে-লোতে ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে চোৰকেইটাক ৷

By

Published : May 31, 2019, 6:05 PM IST

ডিমৌত আৰক্ষীৰ হাতত ৬ লোহাচোৰ

ডিমৌ, 31 মেঃ বৃহস্পতিবাৰে নিশা ডিমৌত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকে চাৰিলেন যুক্ত পথ নির্মানস্থলীত চুৰি কাৰ্য সংঘটিত কৰা ছয়গৰাকী কৰ্মচাৰী-চকীদাৰক আটক কৰি গতাই দিয়ে ডিমৌ আৰক্ষীক। শিৱসাগৰ জিলাৰ ডিমৌত চাৰিলেন যুক্ত পথৰ নির্মাণ কাৰ্য অব্যাহত থকাৰ সময়তে নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ থকা কৰ্মচাৰী-চকীদাৰ আৰু চৌৰ্যবৃত্তিৰ লগত জড়িত স্থানীয় লোকে মিলি দীৰ্ঘদিনৰ পৰা নিশাৰ ভাগত লোহাৰ ৰডকে ধৰি আৰু বিভিন্ন মূল্যবান সা-সামগ্ৰী চুৰি কৰি বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল।

ডিমৌত আৰক্ষীৰ হাতত ৬ লোহাচোৰ

বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে জি ডি চি এল নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে মজুত কৰি ৰখা লোহাৰ ৰ'ড ডিমৌ শান্তিপূৰৰ যতীন দিহিঙীয়া নামৰ লোকজনৰ নিৰ্দেশত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী-চকীদাৰে ঠেলাৰে চুৰি কৰি নিয়াৰ পথত ডিমৌ শান্তিপুৰত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰি হাতে-লোতে ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে।

চুৰি কাৰ্য সংঘটিত কৰা GDCL প্ৰতিষ্ঠানটোত কৰ্মৰত চকীদাৰ শৰৎ ফুলকোঁৱৰ,পৰশ নাওহলীয়া,বিশ্বজিত চাংমাই,সোণমণি চাংমাই,লিখক চাংমাইৰ লগতে উক্ত ঘটনাৰ মাষ্টাৰ মাইণ্ড তথা শিৱসাগৰ ঘিলাগুৰিৰ কাৰ্যালয়ৰ চকীদাৰ হৃদয়নন্দন বৰাকো নিশাই ডিমৌ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ABOUT THE AUTHOR

...view details