শিৱসাগৰ,11 ডিচেম্বৰ: প্ৰতিবাদৰ অগ্নিত দহিছে শিৱসাগৰ ৷ স্বত:স্ফূৰ্ট ভাবে ওলাই অহা হেজাৰ হেজাৰ জনতাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা ৷ নজিৰ বিহীন জন সমাগম ৷ কেব নেমানো ধ্বনীৰে কঁপিল শিৱসাগৰৰ আকাশ বতাহ ৷ শিৱসাগৰীয়া কথাশিল্পী ইমৰাণ শ্বাহে কেব বিৰোধী সংগ্ৰামত অংশ গ্ৰহণ কৰে আৰু কেবৰ বিৰোধিতা কৰে হাজাৰ হাজাৰ জনসাধাৰণে । ৰাইজৰ প্ৰতিবাদৰ পাছতো কেব গৃহীত হলেওঁ ৰাইজে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিব লাগে অসমীয়াই, এই মন্তব্য সাহিত্যিক ইমৰান শ্বাহৰ ৷
লগতে শিৱসাগৰত প্ৰতিবাদী সমদলক নেতৃত্ব প্ৰদান কৰা অখিল গগৈয়ে নাগৰিকত্ব আইন ১৯৫৫ ৰ ৬ (ক) অনুসৰি বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ বিদেশীক কোনো নথি নোহোৱাকৈ নাগৰিকত্ব দিব বিচাৰিছে বুলি প্ৰকাশ কৰি এই কলা আইনৰ জৰিয়তে ১ কোটি ৯০ লাখ বিদেশীৰ বোজা অসমৰ ওপৰত দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি কয় । বি জে পি ,আৰ এছ এছ আৰু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গগৈয়ে এজনো হিন্দু বা মুছলমান বিদেশীৰ বোজা অসমে নলয় বুলি স্পষ্ট কৰি দিয়ে । লগতে বিধেয়কখন গৃহীত হ'লে অসম আচল কৰি দিয়া হ'ব হুংকাৰ প্ৰদান অখিল গগৈ । আনহাতে প্ৰতিবাদী অসমীয়া ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ ওপৰত নিৰ্যাতন চলালে পৰিণাম বিষম হ'ব বুলিও কৃষক নেতা গৰাকীয়ে অসম চৰকাৰক সঁকীয়নী দিয়ে । উল্লেখ্য যে, জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি কাৰ্যালয়ৰ মূল প্ৰৱেশ দুৱাৰত প্ৰতিবাদ চলি থকা পৰ্যন্ত তলা ওলমাই ৰাখিবলৈ বাধ্য কৰে প্ৰতিবাদকাৰীয়ে ৷