নাজিৰা, ১৭ ডিচেম্বৰ- জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নাজিৰাৰ বিভিন্ন স্থানত সাব্যস্ত হৈছে প্ৰতিবাদ ৷ ছাত্ৰ সংগঠন, সাধাৰণ জনতাৰ লগতে উলাই আহিছে বিশিষ্ট ব্যক্তি আৰু শিল্পী সমাজ ৷ বিপ্লৱী গীত গাই প্ৰতিবাদ সাব্যস্ত কৰিছে শিল্পী সকলে ৷ নাজিৰা নাট্য মন্দিৰ প্ৰাংগনত ছাত্ৰ সন্থাৰ লগতে নাজিৰা যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত আয়োজিত গণ হত্যাগ্ৰহ আৰু প্ৰতিবাদী সভাত হাজাৰ হাজাৰ সাধাৰণ জনতাই অংশগ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও হাঁহচৰা , বকতা নঙলামৰা আদি ঠাইত সাধাৰণ জনতা, দল সংগঠনৰ সদস্য,বিদ্যালয়,মহাবিদ্যালয়ৰ শিক্ষক সমাজৰ লগতে শিল্পী সমাজে গীত গাই প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ - ASSAM CAA PROTEST
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন ৷ মঙলবাৰে শিৱসাগৰ,নাজিৰা,পশ্চিম গুৱাহাটী,কোকৰাঝাৰ আৰু ধুবুৰীত বিতৰ্কিত আইনখনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
পশ্চিম গুৱাহাটী:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পশ্চিম গুৱাহাটী সমষ্টিত অব্যাহত আছে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মঙলবাৰে বৰঝাৰ বিমানবন্দৰলৈ যোৱা মূল পথৰ দাঁতিত ৰাণী ব্লক কংগ্ৰেছৰৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে। যেতিয়ালৈকে চৰকাৰে এই জাতিধ্বংসী বিধায়ক বাতিল নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ।
ধুবুৰী: নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাত ধুবুৰীত 4 ঘন্টিয়া অনশন কাৰ্যাসূচী আমছুৰ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চাৰি ঘন্টীয়া প্ৰতিবাদী অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ধুবুৰী জিলা আমছুৱে। এই কাৰ্যসূচীৰ জৰিয়তে বিতৰ্কিত আইন খন বাতিলৰ দাবী উত্থাপন কৰে আমছুৱে ।
TAGGED:
ASSAM CAA PROTEST