অসম

assam

ETV Bharat / state

টিকটৰ বাবে ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা বঞ্চিত হ’ল অসমৰ দুই প্ৰতিভাৱান খেলুৱৈ

টিকটৰ বাবে অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত (Archery championships in Andhra Pradesh) ভাগ লোৱাৰ পৰা বঞ্চিত হ’ল অসমৰ দুই প্ৰতিভাৱান খেলুৱৈ ৷ ৰে’লৰ টিকট নিশ্চিত নোৱাৰ বাবে বঙাইগাঁৱৰ পৰা উভতি আহিব লগীয়া হয় খেলুৱৈ দুগৰাকী ।

assam-archery-players-fail-to-join-archery-championships-due-to-train-ticket-issue
টিকটৰ বাবে ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা বঞ্চিত হ’ল অসমৰ দুই প্ৰতিভাৱান খেলুৱৈ

By

Published : May 22, 2022, 2:02 PM IST

আমগুৰি, 22 মে’: আগন্তুক 23 মে’ৰ পৰা 26 মে’লৈকে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত (Archery championships in Andhra Pradesh) প্ৰতিভাৱান খেলুৱৈ তন্ময় গগৈ আৰু দৰ্শনা নাথ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ আশাত চেঁচাপানী পৰে ।

প্ৰতিযোগিতাখনত অসমৰ হৈ খেলিবৰ বাবে গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিৰ্বাচিত হৈছিল অসমৰ প্ৰতিভাৱান আৰ্চাৰী খেলুৱৈ দুগৰাকী ৷ যদিও অন্ধ্ৰপ্ৰদেশলৈ ৰে’লৰ টিকট নিশ্চিত নোৱাৰ বাবে বঙাইগাঁৱৰ পৰা উভতি আহিবলগীয়া হয় (Archery players fail to join Archery championships ) ।

টিকটৰ বাবে ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা বঞ্চিত হ’ল অসমৰ দুই প্ৰতিভাৱান খেলুৱৈ

ইতিমধ্যে প্ৰতিযোগিতাখনৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে বহু দিনৰ পৰা প্ৰস্তুতি চলাই আছিল ৷ ফলত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ইফালে যিকোনো প্ৰকাৰে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ ব্যৱস্থা কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীক দুয়োগৰাকী খেলুৱৈ আৰু পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :Batadrava police station: নিলম্বিত হ’ল বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈ

ABOUT THE AUTHOR

...view details