অসম

assam

ETV Bharat / state

আমগুৰিত আবতৰীয়া দিপাৱলী: ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উৰিল অসম ছাত্ৰ পৰিষদৰ বিজয় নিচান - General Election of Student Unity Body

আমগুৰি নগৰৰ মাজমজিয়াত শুনা গ'ল অসম ছাত্ৰ পৰিষদ জিন্দাবাদ ধ্বনি । আমগুৰি মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত কেইবাজনো প্ৰাৰ্থীয়ে জয়লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পৰিষদৰ বিষয়ববীয়া তথা ছাত্ৰ-ছাত্ৰী(General Election of Student Unity Body) ।

asp wins election of amguri college union body
আমগুৰিত আবতৰীয়া দিপাৱলী: ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত উৰিল অসম ছাত্ৰ পৰিষদৰ বিজয় নিচান

By

Published : Sep 30, 2022, 10:29 AM IST

Updated : Sep 30, 2022, 11:02 AM IST

আমগুৰি,৩০ চেপ্টেম্বৰ:আমগুৰিত আবতৰীয়া দিপাৱলী । ফটকা ফুটাই আনন্দত মতলীয়া আমগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । আমগুৰি নগৰৰ মাজমজিয়াত শুনা গ'ল অসম ছাত্ৰ পৰিষদ জিন্দাবাদ ধ্বনি । ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত উৰিল অসম ছাত্ৰ পৰিষদৰ বিজয় নিচান(Assam Satra Parisad Big win) ।

শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত আমগুৰি মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতিকে আদি কৰি বহুকেইটা পদবীত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে(General Election of Student Unity Body) । সভাপতি পদত অসম গণ পৰিষদ দলৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী ৰাহুল শইকীয়া, ক্ৰীড়া সম্পাদকৰ পদত পৰমানন্দ আকোঁৰা জয়ী হোৱাত আমগুৰি নগৰত ছাত্ৰসকলে ফটকা ফুটাই উৎফুল্লিত হৈ পৰা দেখা যায় ।

আমগুৰিত আবতৰীয়া দিপাৱলী: ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত উৰিল অসম ছাত্ৰ পৰিষদৰ বিজয় নিচান

বিজয়ী প্ৰাৰ্থীক অসম ছাত্ৰ পৰিষদৰ যুৱনেতা সুদৰ্শন হাজৰিকাই মিঠাই খুৱাই শুভেচ্ছা জনায় । চালুকীয়া অৱস্থাতে অসমৰ প্ৰায়কেইখন জিলাৰ মহাবিদ্যালয়সমূহত অসম ছাত্ৰ পৰিষদৰ এই বিজয়ে আশাৰ বতৰা কঢ়িয়াইছে বুলি মন্তব্য কৰে অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই । আনহাতে বিজয়ী প্ৰাৰ্থীসকলে পৰিষদৰ বিষয়ববীয়া তথা মহাবিদ্য়ালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত টিংখাঙৰ মৃৎশিল্পী

Last Updated : Sep 30, 2022, 11:02 AM IST

ABOUT THE AUTHOR

...view details