শিৱসাগৰ, 19 অক্টোবৰ :তেল আৰু প্ৰাকৃতিক গেছ আয়োগ অসম কোম্পানীৰ দায়বদ্ধতা পুঁজিৰে শিৱসাগৰ নগৰৰ ৰজাবাৰীত স্থাপন কৰা চ্যাউলুং চ্যুকাফা মাল্টি স্পেচিয়েলিটী চিকিৎসালয়ত কৰ্মৰত অসমীয়া নাৰ্চৰ ওপৰত মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাচত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । স্থানীয় নাৰ্চৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
চ্যাউলুং চ্যুকাফা চিকিৎসালয়ত কৰ্মৰত নাৰ্চসকলে চিকিৎসালয়ৰ দাস উপাধিৰ এগৰাকী মহিলা উচ্চপদস্থ ‘চিএনঅ’ বিষয়াৰ বিৰুদ্ধে বিগত প্ৰায় এক বছৰৰ পৰা বিভিন্ন ধৰণৰ মানসিক অত্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে । কৰ্মৰত নাৰ্চসকলক অতিৰিক্ত সময় কাম কৰোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ মানসিক হেঁচাত ৰাখি কাম কৰোৱাৰ উপৰিও নাৰ্চক প্ৰদান কৰিব লগীয়া ব্যৱহাৰিক প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰো অভিযোগ আনিছে নাৰ্চসকলে । ইয়াৰ সমান্তৰালকৈ দাস উপাধিৰ এজন ‘ডিজিএম’ চিকিৎসকেও অসমীয়া নাৰ্চসকলৰ ওপৰত অনুৰূপ অত্যাচাৰ কৰি অহাৰ অভিযোগ আনিছে তেওঁলোকে ।