তেজপুৰত বিদ্যুৎ বিভাগৰ বিল ৰিডাৰ কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী - তেজপুৰ
সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ সংস্থা অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ তেজপুৰ শাখাৰ অসহযোগ কাৰ্যসূচী ৷
তেজপুৰ, 6 আগষ্টঃ মঙলবাৰে সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ সংস্থা অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ তেজপুৰ শাখাই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত প্ৰায় 20 জন কৰ্মচাৰীয়ে তেজপুৰ জিলা কাৰ্য্যালয়ৰ চৌহদত অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তেওঁলোকে দাবী কৰে যে যোৱা এপ্ৰিল মাহত স্থায়ী নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ কোনো ধৰণৰ ফলাফল আজি পৰ্যন্ত ঘোষণা কৰা নাই বিদ্যুৎ বিভাগে ।কৰ্মচাৰী সকলে জনায় যে পৰৱৰ্তী পৰ্যায়ত সন্থাই 9 আগষ্টত গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সন্থাৰ সমূহ সদস্যৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ।