আমগুৰি, ২২ এপ্ৰিল : ক’ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে আমগুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বুধবাৰে নিশা আমগুৰি আৰক্ষীয়ে অৰুণাচলী সুৰাৰে ভৰ্তি AS03BC7048 নম্বৰৰ এখন টাটা ডি আই গাড়ী জব্দ কৰে ৷ 150 কাৰ্টুন অৰুণাচলী সুৰাসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ নিশা সুৰাখিনি মৰিয়ণীলৈ নিয়াৰ পথত আমগুৰি আৰক্ষীয়ে অভিযান চলাই 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সুৰাভৰ্তি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ৷
আমগুৰিত 150 কাৰ্টুন অৰুণাচলী সুৰা জব্দ - ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ
আমগুৰি আৰক্ষীয়ে নিশা অভিযান চলাই ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা এখন অৰুণাচলী সুৰা ভৰ্তি গাড়ী জব্দ কৰে ৷ 150 কাৰ্টুন অৰুণাচলী সুৰাসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
আমগুৰিত 150 কাৰ্টুন অৰুণাচলী সুৰা জব্দ
গ্ৰেপ্তাৰ হোৱা যুৱক দুজন ৰুবুল ৰাজখোৱা আৰু ধুনু কৈৰী বুলি জানিব পৰা গৈছে ৷ ৰুবুল ৰাজখোৱাৰ ঘৰ লাকুৱা দিহিঙ্গীয়া গাঁৱত আৰু ধুনু কৈৰীৰ ঘৰ মৰিয়ণীৰ নিউ সোনোৱালত । আমগুৰিৰ এক গোপন স্থানত লোড হৈছিল এই অৰুণাচলী সুৰা । আমগুৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ সৰ্ন্দভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :বৰপেটাত ভণ্ড বাবাই লুটিলে নগদ ধনসহ আ-অলংকাৰ