তেজপুৰ,৫ মাৰ্চঃ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক অৰ্কিড পোৱা ঠাই খন হৈছে হিমালয়ৰ পাদ দেশৰ পাহাৰীয়া আদ্ৰতাপূৰ্ণ অৰুণাচল প্ৰদেশ । প্ৰায় ৬০০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিড ইয়াত উপলব্ধ । এই প্ৰদেশৰ পশ্চিম অৰুণাচলত অৱস্থিত এছিয়াৰ বৃহত্তম অৰ্কিড সংৰক্ষণৰ ক্ষেত্ৰ পশ্চিম কামেং জিলাৰ ভালুকপুঙৰ টিপি ৰ অৰ্কিড গৱেষণা কেন্দ্ৰ । ইয়াত চাৰিটা বিভিন্ন প্ৰজাতিৰ ট্ৰপিকেল অৰ্কিড পোৱা যায় । সময়ৰ লগে লগে বৈজ্ঞানিক সকলে গৱেষণা কৰি দিনক দিনে ইয়াৰ সংখ্যা বৃদ্ধি কৰি আহিছে ।
এছিয়াৰ বৃহত্তম অৰ্কিড সংৰক্ষণ ক্ষেত্ৰৰ কথাৰে - পশ্চিম কামেং জিলাৰ ভালুকপঙৰ টিপিৰ অৰ্কিড গৱেষণা কেন্দ্ৰ
অৰুণাচলত অৱস্থিত এছিয়াৰ বৃহত্তম অৰ্কিড সংৰক্ষণ ক্ষেত্ৰ পশ্চিম কামেং জিলাৰ ভালুকপুঙৰ টিপিৰ অৰ্কিড গৱেষণা কেন্দ্ৰৰ বিষয়ে কি ক'লে গৱেষণা কেন্দ্ৰৰ মুৰব্বী ডঃ বিকাশ ভৌমিকে ? আহক শুনো তেওঁৰ মুখেৰেই ....
এছিয়াৰ বৃহত্তম অৰ্কিড সংৰক্ষণ ক্ষেত্ৰৰ কথাৰে
এই অৰ্কিড গৱেষণা কেন্দ্ৰৰ তিনিটা প্ৰধান লক্ষ্য সংৰক্ষণ, খেতি আৰু ব্যৱসায় । এই সমগ্ৰ বিষয় সন্দৰ্ভত ই টি ভি ভাৰতৰ লগত হোৱা এক বিশেষ কথোপকথনত জানিবলৈ দিয়ে গৱেষণা কেন্দ্ৰৰ মুৰব্বী ডঃ বিকাশ ভৌমিকে ।
লগতে পঢ়কঃকংগনা ৰাণাৱতঃ পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বলীউড কুইনৰ কথাৰে
Last Updated : Mar 5, 2020, 6:03 PM IST
TAGGED:
Arunachal pradesh bhalukpong