আমগুৰি, 11 জুন :ক’ৰণা মহামাৰীৰ এই ভয়াৱহ সময়খিনিতেই চৰম আৰ্থিক সংকটত পৰিছে ৰাজ্যৰ সাংস্কৃতিক উদ্যোগটো ৷ অনিশ্চয়তাত ভোগা বহু শিল্পীয়ে এতিয়া নিজৰ জীৱিকা সলনি কৰিবলৈ বাধ্য হৈ পৰিছে ৷ পাচলি দোকান অথবা মাংস বিপনী আৰম্ভ কৰি বহু শিল্পীয়ে যুজিছে ভয়ংকৰ বাস্তৱৰ সৈতে ৷ বিগত ২৪ ঘণ্টাত ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও নিম্নগামী হৈছে । আনহাতে ২৪ ঘণ্টাত ৮৩,০৫৪ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে । গুৱাহাটীত শনিবাৰৰ পৰা ৫৮ টা কেন্দ্ৰত ভেকচিন প্ৰদানৰ বিশাল প্ৰক্ৰিয়া আৰম্ভ ।
এই সময়চোৱাত নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ৩,৬৬৬ গৰাকী লোক । ইয়াৰে কামৰূপ(ম) জিলাৰ ৩৪১ গৰাকী, কাছাৰৰ ৩০০ গৰাকী, শোণিতপুৰৰ ২৫৭ গৰাকী, গোলাঘাটৰ ২৪২ গৰাকী, ডিব্ৰুগড়ৰ ২২৩ গৰাকী, তিনিচুকীয়াৰ ২০৮ গৰাকী আৰু নগাঁৱৰ ১৯১ গৰাকী । আনহাতে, বিগত ২৪ ঘণ্টাত ২৯ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হয় । ক'ভিডত মৃত্যু হোৱাৰ হাৰ ০.৮৫ শতাংশ । সেইদৰে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা সুস্থ হৈছে ৰাজ্যৰ ৫,২৪১ গৰাকী লোক ।