অসম

assam

ETV Bharat / state

শিৱসাগৰত শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত - অসমীয়াৰ বাপতিসাহোন বিহুক গেৰুৱাকৰণ কৰিবলৈ দিব নোৱাৰি

শনিবাৰে শিৱসাগৰ জিলাৰ ডিমৌত বিজেপিৰ উদ্যোগত অনুষ্ঠিত হব লগা ৰঙালী বিহু সন্মিলনৰ এখন বেনাৰক লৈ শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত ৷ বিহুক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান কৰাৰ বাবে এখন বেনাৰ লগাবলৈ আহোতেই সূত্ৰপাত হয় এই সংঘাতৰ ৷

Artist Manash Robin conflict with BJP yuva marsa at Sivsagar
শিৱসাগৰত শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত

By

Published : Mar 14, 2020, 11:59 PM IST

শিৱসাগৰ,14 মাৰ্চঃ শনিবাৰে শিৱসাগৰ জিলাৰ ডিমৌত বিজেপিৰ উদ্যোগত অনুষ্ঠিত হব লগা ৰঙালী বিহু সন্মিলনৰ এখন বেনাৰক লৈ শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত ৷ শিল্পীজনে বিহুক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান কৰাৰ বাবে এখন বেনাৰ লগাবলৈ আহোতেই সূত্ৰপাত হয় এই সংঘাতৰ ৷ উল্লেখ্য যে আগন্তুক ১১,১২ আৰু ১৩ বহাগত ভাৰতীয় জনতা পাৰ্টিয়ে ডিমৌত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰাক লৈ ইতিপূৰ্বে চ'ছিয়েল মিডিয়াৰ যোগেদি বিৰোধিতা কৰা শিল্পী মানস ৰবীনে শনিবাৰে আগবেলা ডিমৌত উপস্থিত হৈ এখন বেনাৰ আঁৰিবলৈ চেষ্টা কৰে ৷

শিৱসাগৰত শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত

এই সন্দৰ্ভত ডিমৌ চাৰিআলিত পথসভাৰ যোগেদি বক্তব্য ৰাখিবলৈ লওঁতেই বিজেপি যুৱমৰ্চাৰ একাংশ কৰ্মী ক্ষুন্ন হৈ পৰে আৰু সংঘাতত লিপ্ত হয় ৷ আনকি ঢোল, তাল বজাই বেনাৰ লগাবলৈ সাজু হোৱা মানস ৰবীনৰ হাতৰ পৰা বেনাৰ কাঢ়ি লোৱাৰ লগতে কাঠৰ ফ্ৰেম ভাঙি পেলাই যুৱ মৰ্চাৰ কৰ্মী সকলে ৷ সমান্তৰাল ভাৱে যুৱ মৰ্চাৰ কৰ্মীসকলে একপ্ৰকাৰে শিল্পীগৰাকীৰ সৈতে বাক-বিতন্দা আৰু হতাহতিত লিপ্ত হোৱাৰ লগতে ডিমৌ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে মানস ৰবীনক ৷

শিৱসাগৰত শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত

ইমানতে শান্ত নাথাকি যুৱ মৰ্চাৰ সদস্যসকলে মানস ৰবীন গ' বেক, মানস ৰবীন লেই লেই চেই চেই আদি ধ্বনিৰে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হোৱা ডিমৌ আৰক্ষীয়ে শিল্পীগৰাকীক যুৱ মৰ্চাৰ ৰোষৰ পৰা উদ্ধাৰ কৰি ডিমৌ থানালৈ লৈ যায় ৷ কিন্তু থানাৰ চৌহদটো শিৱসাগৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিতে অৰ্ধশতাধিক বিজেপি কৰ্মীয়ে মানস ৰবীনৰ সৈতে পুনৰ তীব্ৰ বিতৰ্কত লিপ্ত হৈ পৰিস্থিতি উত্তাল কৰি তোলে। ইফালে, মানস ৰবীনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, অসমীয়াৰ বাপতিসাহোন বিহুক গেৰুৱাকৰণ কৰিবলৈ দিব নোৱাৰি ৷ অসমীয়াৰ গামোচা, মুগাৰ মেখেলাখন গেৰুৱা নহয় বুলি মন্তব্য কৰি শিল্পীগৰাকীয়ে যিকোনো মূল্যৰ বিনিময়ত ডিমৌত "ককাই অ বিহুখনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবি" শীৰ্ষক বেনাৰখন লগোৱা হ'ব বুলি ঘোষণা কৰে ৷

শিৱসাগৰত শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত

ইয়াৰ উপৰিও অসমীয়া জাতিৰ হৃদপিণ্ড বিহুক কোনো ৰাজনৈতিক দলে হাত কৰিবলৈ লোৱাৰ বিৰুদ্ধে প্ৰতিজন স্বাভীমানি অসমীয়াই মাত মতা উচিত বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷ লগতে বিহুক ৰাজনীতিকৰণ কৰাটো বেয়া কাম হৈছে বুলি অভিহিত কৰি বিহুক গেৰুৱা ৰং নাসানিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক কুশল দুৱৰীক আহ্বান জনায় শিল্পী মানস ৰবীনে ৷

লগতে পঢ়কঃপঞ্চাশ মাহ ধৰি নাই দৰমহা ! আন্দোলনৰ নামিব সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চ

For All Latest Updates

TAGGED:

Manash robin

ABOUT THE AUTHOR

...view details