আমগুৰি, ১১ জুলাই: নাঙলৰ মুঠিতেই কৃষকৰ শক্তি । কৃষকৰ উৎপাদিত ফচলেৰে ভৰি পৰক অসমৰ বজাৰ । আমগুৰিত কৃষকৰ ৰূপত দেখা গ'ল জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক (Artist Mahendra Hazarika)।
নাঙলৰ মুঠিত ধৰি গৰুহাল লৈ মাটি চহাই শিল্পী মহেন্দ্ৰ হাজৰিকাই গালে বহুকেইটা বোকা মাটিৰ গোন্ধ থকা জনপ্ৰিয় গীত । আমগুৰিৰ গায়েন গাঁৱৰ দিগন্ত গায়েনৰ ন-ভূঁইত অংশগ্ৰহণ কৰি শিল্পীগৰাকীয়ে গালে বোকা মাটিৰ গোন্ধ থকা গীত (Mahendra Hazarika at Amguri)। দিগন্ত গায়েনৰ ন-ভূঁইত ১২ বিঘা মাটিত কঠিয়া ৰুই ৰোৱনীসকলো উৎসাহিত হৈ পৰে ।
আমগুৰিত কৃষকৰ ৰূপত দেখা গ'ল জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক প্ৰতি বছৰে ন-ভূঁই অনুষ্ঠিত কৰি গাঁৱৰ হালোৱা-ৰোঁৱনী একত্ৰিত কৰি গাঁৱৰ পৰা হেৰাই যোৱা হাউৰী প্ৰথাক ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে দিগন্ত গায়েনে । ন-ভূঁই অনুষ্ঠানতে শিল্পী মহেন্দ্ৰ হাজৰিকাক সংগ দিয়ে সহশিল্পী অৰ্চনা বৰঠাকুৰে (Singer Archana Borthakur)।
চহা কৃষকক উৎসাহিত কৰিবৰ কাৰণে দুয়োগৰাকী শিল্পীয়ে বোকা মাটিৰ সুঘ্ৰাণ বিচাৰি আহাৰৰ পথাৰত ন-ভূঁইত অংশগ্ৰহণ কৰা দেখা গ'ল ।
লগতে পঢ়ক:PM Fasal Bima Yojana: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই স্পৰ্শ কৰিব পৰা নাই অসমৰ সকলো কৃষকক