আমগুৰি, ২৯ ছেপ্টেম্বৰ : এঙাৰত অঁকা এখন ছবি ৷ চিত্ৰকৰ গৰাকী এজন অসমীয়া যুৱক ৷ তেওঁৰ নাম নিতু দাস ৷ ঐতিহাসিক শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ 5 নং ৱাৰ্ডৰ বাসিন্দা এইগৰাকী যুৱক ৷ ৭.১ ফুট দীঘল আৰু ৫.৬ ফুট বহল কাগজত এঙাৰেৰে ১১ মিনিটত হৰিণাৰ ছবি আঁকি গঢ়িলে এই ৰেকৰ্ড ৷
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি - জুবিন গাৰ্গ
এঙাৰেৰে ছবি আঁকি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান পালে আমগুৰিৰ যুৱকে ৷ ৭.১ ফুট দীঘল আৰু ৫.৬ ফুট বহল কাগজত এঙাৰেৰে ১১ মিনিটত হৰিণাৰ ছবি আঁকি গঢ়িলে এই ৰেকৰ্ড ৷
INDIA BOOK OF WORD RECORD
অভিনয় কৰি, জীৱ-জন্তুৰ মাত উলিয়াই ভাল পোৱা নিতু দাসে গুৱাহাটী, তিনিচুকীয়া, দিল্লী, বিহাৰকে ধৰি বিভিন্ন ঠাইত অভিনয় কৰি প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে । সম্প্ৰতি কৃষক নেতা অখিল গগৈ, বিষ্ণু প্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা, চাৰ্লি চেপলিন, হীৰেন ভট্টাচাৰ্য, দীপলিনা ডেকাকে ধৰি বহুজন সমাদৃত ব্যক্তিৰ চিত্ৰ অংকন কৰিছে তেওঁ ।
লগতে পঢ়ক :আৰক্ষী নিযুক্ত পৰিষদৰ নতুন অধ্যক্ষ ডিজিপি ভাস্কৰজ্যোতি মহন্ত