অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰত কলা বিথিকা - অতিৰিক্ত উপায়ুক্ত ড৹ মন্দিৰা বৰুৱা

শনিবাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত এক মননশীল কলা প্ৰদৰ্শনীৰ উন্মোচন কৰা হয়‌ (Art Exhibition organized by Shivasagar District Administration) । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিৱসাগৰৰ বিশিষ্ট শিল্পী সুজিত বৰুৱাৰ সহযোগত শিৱসাগৰ পুখুৰীৰ পাৰত থকা জিলা কলা বিথিকাত অনুষ্ঠিত এই কলা প্ৰদৰ্শনীত ৯ গৰাকী শিল্পীৰ কলা সৃষ্টি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হয় ।

Art Exhibition organized by Shivsagar District Administration on occasion of India Independence Day
স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰত কলা বিথিকা

By

Published : Aug 13, 2022, 7:15 PM IST

শিৱসাগৰ, 13 আগষ্ট: স্বাধীনতাৰ ৭৫ সংখ্যক দিৱস উদযাপনত উখল-মাখল দেশ (75th Years of Independence) । ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহু উদযাপনসূচী ঘোষণা কৰিছে । চাৰিওফালে জাতীয় পতাকাৰ ৰঙে চানি ধৰিছে (Har Ghar Tiranga) । বন্দে মাতৰম ধ্বনিয়ে মুখৰিত কৰিছে আকাশ । সামান্তৰালভাৱে শিৱসাগৰ জিলা প্ৰশাসনেও ৰাইজৰ সহযোগত ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰিছে "স্বাধীনতাৰ অমৃত মহোৎসৱ" (Azadi ka Amrit Mahotsav)।

শনিবাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত এক মননশীল কলা প্ৰদৰ্শনীৰ উন্মোচন কৰা হয়‌ (Art Exhibition organized by Shivasagar District Administration ) । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিৱসাগৰৰ বিশিষ্ট শিল্পী সুজিত বৰুৱাৰ সহযোগত শিৱসাগৰ পুখুৰীৰ পাৰত থকা জিলা কলা বিথিকাত অনুষ্ঠিত এই কলা প্ৰদৰ্শনীত ৯ গৰাকী শিল্পীৰ কলা সৃষ্টি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হয় । শনিবাৰৰ পৰা ১৫ আগষ্টলৈকে এই কলা বিথিকা অনুষ্ঠিত হ’ব বুলি জানিব পৰা হৈছে ৷

স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰত কলা বিথিকা

শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত সুভন গুৱালাই উদ্বোধন কৰা এই কলা বিথিকাত প্ৰেমেশ্বৰ দত্ত আৰু ৰাজীৱ বৰগোঁহাইৰ স্থাপত্য শিল্প, অভিজিত কাশ্যপ, মুকুল গগৈ, আজানুৰ ৰহমান, দেৱজ্যোতি বৰুৱা, মুজিদা বেগম আৰু প্ৰশান্ত গগৈৰ অংকিত ছবিৰ লগতে কংকণজ্যোতি শইকীয়াৰ লেঞ্চত উঠোৱা ফটো প্ৰদৰ্শন কৰা হৈছে ।

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সকলো লোকক এই প্ৰদৰ্শনীত অংশ লৈ স্বাধীনতাৰ ৭৫ সংখ্যক দিৱসৰ প্ৰাকমূহুৰ্তত শিল্পী সকলক উৎসাহিত কৰাৰ লগতে এক সৃষ্টিশীল মন গঢ়িবলৈ আহ্বান জনোৱা হৈছে ৷ উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মশ্ৰী বিতুপন নেওগ, অতিৰিক্ত উপায়ুক্ত ড৹ মন্দিৰা বৰুৱা, জিলা পৰ্যটন বিষয়া মাধৱ দাস, তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, শিল্পী সুজিত বৰুৱা সহিত বহু বিষয়া কৰ্মচাৰী তথা শিল্পী সমাজ উপস্থিত থাকে ।

লগতে পঢ়ক:মহানগৰীত প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details