অসম

assam

ETV Bharat / state

চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত 'খেলো ইণ্ডিয়া'লৈ আমন্ত্ৰণ নাপালে ভোগেশ্বৰ বৰুৱাই

ক্ৰমাৎ ক্ৰীড়াৰ ৰাজধানীৰ দিশে পৰ্যবসিত হোৱা গুৱাহাটীত আৰম্ভ হৈছে খেলো ইণ্ডিয়া য়ুথ গেমছ 2020 ৷ মেগা ইভেণ্টটোৰ উদ্বোধনী অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ লোকসকল উপস্থিত থকাৰ বিপৰীতে আমন্ত্ৰণ লাভ নকৰিলে ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই ৷

ভোগেশ্বৰ বৰুৱা
খেলো ইণ্ডিয়া 2020

By

Published : Jan 10, 2020, 10:09 PM IST

শিৱসাগৰ,10 জানুৱাৰীঃমহানগৰীত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় সংখ্যক মেগা ইভেণ্ট খেলো ইণ্ডিয়া য়ুথ গেমছ ৷ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়ানুষ্ঠানটোত অংশগ্ৰহণৰ বাবে ইতিমধ্যে উপস্থিত হৈছে দেশৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকল ৷ আড়ম্বৰপূৰ্ণ খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ লয় বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলে ৷ লগতে উপস্থিত থাকে ভিন্ন ৰাজনৈতিক দলৰ নেতাসকল ৷

কিন্তু উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচীৰ বাবে উপেক্ষিত হৈ ৰয় ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা ৷ চৰকাৰী পৃষ্ঠপোষকতাত আয়োজন কৰা ক্ৰীড়ানুষ্ঠানটোত ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ কৰিবলৈ আহৰি নহ’ল প্ৰবীণ খেলুৱৈ গৰাকীক ৷ ক্ৰীড়া অনুষ্ঠানটো আৰম্ভৰ পূৰ্বে চৰকাৰে খেলুৱৈ গৰাকীৰ সৈতে ফোনযোগে যোগাযোগ কৰে যদিও পৰৱৰ্তী সময়ত নিমন্ত্ৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰে ভোগেশ্বৰ বৰুৱাই ৷

উপেক্ষিত অৰ্জুন বঁটা বিজয়ী

উল্লেখ্য যে, ১৯৬৬ ৰ বেংকক এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত স্বৰ্ণপদক আঁজুৰি আনিবলৈ সক্ষম হোৱা বৰ্ষীয়ান খেলুৱৈগৰাকীৰ প্ৰতি চৰকাৰে সন্মান প্ৰদৰ্শন নকৰাত দুখ প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷ দিনকদিনে ক্ৰীড়াক্ষেত্ৰত ৰাজনীতিৰ প্ৰভাৱ বৃদ্ধি পোৱা বাবেই প্ৰকৃত খেলুৱৈৰ আদৰ নাইকিয়া হোৱা বুলি প্ৰকাশ কৰিছে ১৯৬৭ চনত অৰ্জুন পুৰস্কাৰ লাভ কৰা ক্ৰীড়াবিদ গৰাকীয়ে ৷

লগতে চাওকঃদলগাঁৱৰ এখন বিদ্যালয়ে এদল ছাত্ৰীক দেখুৱাইছে নতুন সপোন

ABOUT THE AUTHOR

...view details