শিৱসাগৰ, 26 নৱেম্বৰ : অসমীয়া জাতিৰ আছে নিজস্ব স্বাভিমান আৰু ইতিহাস (Assam History) ৷ আজিও অসম চুকে-কোণে বিজৰিত হৈ আছে আহোমৰ ছশ বছৰীয়া শাসনৰ বহু স্মৃতি ৷ ৰাজ্যৰ ভিন্ন ঠাইত আজিও আছে পূৰ্বপুৰুষৰ বহু স্মৃতি তথা সম্পদ ৷ যি সমূহ আমাৰ বাবে অতি অমূল্য সম্পদ ৷ যাক লৈ আমি গৌৰৱ কৰো ৷
আহোম যুগৰ বহু সমল সময়ে সময়ে বিভিন্ন খনন কাৰ্যত উদ্ধাৰ হৈ আহিছে ৷ এইবাৰ আহোম ৰাজত্বৰ দ্বিতীয় ৰাজধানী ঐতিহাসিক চৰগুৱা গোহাঁই গাঁৱত উদ্ধাৰ আহোম যুগৰ বহু আপুৰুগীয়া সম্পদ ৷ শুকুৰবাৰে গোহাঁইগাঁৱত উদ্ধাৰ হৈছে বহু পৰিমাণৰ ৰজাদিনীয়া কাঁহৰ কাঁহী, বাতি, লোটা ইত্যাদি (Historical asset of Ahom Era) ৷
ডিমৌ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, চৰগুৱা গোহাঁইগাঁৱত এটা নলাত জৱকাৰ্ডৰ কাম কৰি আছিল কেইগৰাকীমান শ্ৰমিকে ৷ জৱকাৰ্ডৰ কাম কৰি থকাৰ মাজতেই শ্ৰমিককেইগৰাকীয়ে খান্দি থকা এটা নলাৰ পৰা উদ্ধাৰ কৰে বহু আপুৰুগীয়া সম্পদ ৷ উদ্ধাৰ হোৱা সম্পদসমূহৰ ভিতৰত আছে হাতীখুজিয়া বাতি, বিভিন্ন চিহ্ন সম্বলিত কাঁহৰ কাঁহী, লোটা আদি ৷ ৰাইজৰ অভিযোগ, আৰু বহু সম্পদেই উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে এই অঞ্চলসমূহত ।