শিৱসাগৰ,১৫ ছেপ্টেম্বৰ :অসম শক্তি বিভাগৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ (Protest against APDCL)। শক্তি বিভাগক ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে এইবাৰ আউটচ'ৰ্চ কৰ্মচাৰীৰ প্ৰতিবাদ (APDCL outsource workers protest)। অসম চৰকাৰে শেহতীয়াকৈ মিটাৰ ৰিডিং, বিল ডিষ্ট্ৰিবিউশ্বন, লাইন মেণ্টেনেনছ আদিৰ বাবে প্ৰায় পাঁচ হাজাৰ কৰ্মচাৰী এপিডিচিএলত নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
কিন্তু বহু বছৰ ধৰি সমগ্ৰ অসমত পাঁচ হাজাৰৰো অধিক এনে আউটচ'ৰ্চ কৰ্মচাৰীয়ে এই সেৱা আগবঢ়াই আহিছে । এই ক্ষেত্ৰত সেই কৰ্মচাৰীসকলক নিযুক্তি প্ৰদানৰ বাবে শক্তি বিভাগে কোনো পদক্ষেপ লোৱা নাই । অসম চৰকাৰে প্ৰকাশ কৰিবলগীয়া বিজ্ঞাপনত ইতিমধ্যে কৰ্মৰত আউটচ'ৰ্চ কৰ্মচাৰীসকলক কোনো অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থাও কৰা হোৱা নাই । সেয়েহে শিৱসাগৰ বিদ্যুৎ সংমণ্ডলত একাংশ কৰ্মচাৰীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (APDCL workers protest at Sivasagar)।