অসম

assam

By

Published : Jun 26, 2021, 9:14 PM IST

ETV Bharat / state

স্বেচ্ছাসেৱী সংগঠন আৰু আৰক্ষীৰ উদ্যোগত ড্ৰাগছ বিৰোধী দিৱস উদযাপন

প্ৰতিবছৰে 26 জুনৰ দিনটো আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস হিচাপে পালন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰত নৱ উদিত সমাজ আৰু জয়সাগৰ আৰক্ষী চকীৰ উদ্যোগত ড্রাগছ বিৰোধী সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হয় ৷

anti-drugs-day-celebration-over-state
স্বেচ্ছাসেৱী সংগঠন আৰু আৰক্ষীৰ উদ্যোগত ড্ৰাগছ বিৰোধী দিৱস উদযাপন

শিৱসাগৰ, 26 জুন :আজি অৰ্থাৎ 26 জুন, আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস(anti drugs day) ৷ ইফালে বিগত কিছুদিন ধৰি সমগ্ৰ অসমত আৰক্ষীয়ে বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আহিছে । ৰাইজৰ সহযোগত চলা এনে অভিযানৰ ফলত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰসমূহ নিষ্ক্ৰিয় হৈ পৰিছে । এই দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰত নৱ উদিত সমাজ আৰু জয়সাগৰ আৰক্ষী চকীৰ উদ্যোগত ড্রাগছ বিৰোধী সজাগতামূলক অনুষ্ঠান পালন কৰা হয় ৷

সমাজৰ এচাম লোকক অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিয়া মাৰাত্মক ড্রাগছৰ বিৰুদ্ধে ৰাজ্যত এতিয়া সক্ৰিয় আৰক্ষী আৰু জনতা । ড্ৰাগছক পুলিয়ে-পোখাই উঘালি এখন ড্ৰাগছমুক্ত অসম গঢ়াৰ পণ শিৱসাগৰৰ আৰক্ষীৰ লগতে একাংশ সচেতন লোকৰ । আজি ড্ৰাগছ বিৰোধী দিৱসৰ দিনা নৱ উদিত সমাজে আৰক্ষীৰ সৈতে লগ হৈ এক ড্ৰাগছ বিৰোধী কাৰ্যসূচী ৰূপায়ণ কৰে ।

স্বেচ্ছাসেৱী সংগঠন আৰু আৰক্ষীৰ উদ্যোগত ড্ৰাগছ বিৰোধী দিৱস উদযাপন

২০১৪ চনৰ পৰা ড্রাগছৰ অপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰৰ ফলত হ'ব পৰা ভয়াৱহতাৰ প্রতি নৱ উদিত সমাজে সজাগতা সৃষ্টি কৰি আহিছে ।

ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে শনিবাৰে শিৱসাগৰৰ ১ নং আমগুৰি প্ৰাথমিক বিদ্যালয়ত নৱ উদিত সমাজ আৰু জয়সাগৰ আৰক্ষী চকীৰ উদ্যোগত এক ড্রাগছ বিৰোধী সজাগতামূলক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানত ড্রাগছৰ প্রতি আসক্ত ব্যক্তিক কেনেকৈ নিচা মুক্ত কৰি পুনৰ পোহৰৰ দিশত আগুৱাই নব পৰা যায় তাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয় । আজিৰ দিনটোত আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠনৰ যুটীয়া প্ৰয়াসে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :কেনেদৰে চলিছে সোণোৱালৰ সপোনৰ মিনি সচিবালয়ৰ নিৰ্মাণৰ কাম ?

ABOUT THE AUTHOR

...view details