শিৱসাগৰ, ২৮ ডিচেম্বৰ:শিৱসাগৰৰ গৌৰীসাগৰত থানেশ্বৰ দত্ত সোঁৱৰণী ভৱনত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠিত কৰা হয় । ২৯ জনকৈ মেধাবী ছাত্র ছাত্ৰীক ৫০০০ টকাকৈ মুঠ ১লাখ ৪৫ হাজাৰ টকা প্ৰদান কৰা হয় । প্ৰয়াত অঞ্জন দত্তৰ জেষ্ঠ্য কন্যা আমগুৰি সমষ্টিৰ সৱল কংগ্ৰেছ নেত্ৰী তথা অঞ্জন দত্ত শৈক্ষিক ন্যাসৰ অধ্যক্ষ্যা অংকিতা দত্তই মেধাবী ছাত্র ছাত্ৰী সকলক এই বঁটা প্ৰদান কৰে । বঁটা প্ৰদান অনুষ্ঠানত অংকিতা দত্তই কয় যে অঞ্জন দত্ত শৈক্ষিক ন্যাসৰ জড়িয়তে অনাগত ভৱিষ্যৎ দিনত মেধাৱী ছাত্র-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত কিদৰে আগুৱাই লৈ যাব পাৰি সেই দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হ'ব ।
শিৱসাগৰৰ গৌৰীসাগৰত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠান - ২৯ জনকৈ মেধাবী ছাত্র ছাত্ৰীক ৫০০০ টকাকৈ মুঠ ১লাখ ৪৫ হাজাৰ টকা প্ৰদান
শিৱসাগৰৰ গৌৰীসাগৰত অঞ্জন দত্ত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠানত ২৯ জনকৈ মেধাবী ছাত্র ছাত্ৰীক ৫০০০ টকাকৈ মুঠ ১ লাখ ৪৫ হাজাৰ টকা প্ৰদান কৰে । ন্যাসৰ অধ্যক্ষা অংকিতা দত্তই মেধাৱী ছাত্র ছাত্ৰী সকলক বঁটা প্ৰদান কৰে ।
জিলাখনৰ ঐতিহাসিক বিধানসভা সমষ্টিৰ ১০৩ নং আমগুৰি সমষ্টিৰ এসময়ৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী,বিধায়ক প্ৰয়াত অঞ্জন দত্তৰ সোঁৱৰণত বিগত বছৰৰ পৰা এই শৈক্ষিক ন্যাস বঁটা প্ৰদান কৰি আহিছে । ফলত মেধাৱী ছাত্র-ছাত্ৰীসকলৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ঠ সহায়ক হিচাপে পৰিগণিত হৈ আহিছে ।
উক্ত সভাখনত প্ৰয়াত অঞ্জন দত্তৰ তিনিগৰাকী কন্যা,স্থানীয় নাগৰিক আৰু আমগুৰি সমষ্টিৰ শতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত এই বঁটা প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা হয় । আনহাতে,এই সভাতে প্ৰয়াত অঞ্জন দত্তৰ দ্বিতীয় কন্যা অমৃতা দত্তই সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত সম্বৰ্ধনা জনায় অঞ্জন দত্ত শৈক্ষিক ন্যাসে ।