আমগুৰি,৯ জুলাই: দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে সকাহ দিয়াৰ লক্ষ্যৰে ঘোষণা "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি" ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫% বা তাতোধিক নম্বৰ লাভ কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ আমগুৰি সমষ্টিৰ স্থায়ী বাসিন্দা তথা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব এই বৃত্তি ৷ আবেদনকাৰীসকলৰ পৰা বাচনি হোৱা 20গৰাকী শিক্ষাৰ্থীক পাঁচ হাজাৰকৈ সৰ্বমুঠ এক লাখ প্ৰদান কৰা হ'ব। মঙলবাৰে আমগুৰিৰ কনফাৰেঞ্চ হ'লত এক সংবাদমেল আয়োজন কৰি এই ঘোষণা কৰে জীয়ৰী অংকিতা দত্তই ৷
"অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি"ৰ ঘোষণা - অঞ্জন দত্ত
দৰিদ্ৰ তথা মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে সকাহ দিয়াৰ লক্ষ্যৰে ঘোষণা "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি" ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫% বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব এই বৃত্তি ৷
অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি
আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলে বি,পি,এল কাৰ্ডৰ প্ৰতিলিপি,আয়ৰ প্ৰমাণ পত্ৰ,উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বীট,চাৰ্টিফিকেটৰ প্ৰত্যায়িত প্ৰতিলিপি আৰু একপি পাছপ'ৰ্ট ফটো গাঁঠি দিব লাগিব বুলি ঘোষণা অংকিতা দত্তৰ ৷ অহা ৮ আগষ্টৰ ভিতৰত এ ডি টাৱাৰ,এন এইচ ৩৭, লালমাটি গুৱাহাটী ঠিকনাত অৰ্থাৎ teamanjandutta@gmail.com ত প্ৰেৰণ কৰিব পাৰিব আৱেদন । এই সন্দৰ্ভত অধিক জানিবৰ বাবে ম'বাইল ৯৬১৩৫-৮৯৮৬৯, ৯৭০৬৩-৮৪৫৪২ নম্বৰত যোগাযোগ কৰিব পাৰিব ।