আমগুৰি, 8 এপ্ৰিলঃ চাৰিদিনে লঘোণে আছে এগৰাকী নিঃসহায় বৃদ্ধলোক । দেশত হোৱা লক ডাউনৰ ফলত দিন হাজিৰা কৰা লোকগৰাকী অনাহাৰে থাকিবলগীয়া হয় চাৰিটা দিন । ব্যক্তিগৰাকী আমগুৰিৰ নামতি দল গাঁও পঞ্চায়তৰ দ-ঘৰফলীয়া গাঁৱৰ কুশৰাম গগৈ বুলি জানিব পৰা গৈছে । নিজাকৈ কোনো ঘৰ নথকা ব্যক্তিজনে এটা শ্মশান গৃহতে কটাইছে দিন । পিন্ধি থকা কাপোৰযোৰৰ বাহিৰে একোৱেই নাই মানুহজনৰ । শুবলৈ নাই বিচনা, শীত নিবাৰণৰ বাবেও নাই এখন গৰম কাপোৰ । শ্মশান গৃহৰ মজিয়াত খেৰৰ ওপৰতে দিন-ৰাতি শুই জীৱন অতিবাহিত কৰিছে লোকজনে । আজিলৈ লোকজনৰ খবৰ লোৱা নাই কোনো চৰকাৰী বিষয়া, পঞ্চায়তৰ প্ৰতিনিধি কিম্বা বিধায়কে ।
লক ডাউনঃ চাৰিদিন অনাহাৰে পাৰ কৰিলে এগৰাকী বৃৃদ্ধই - কুশৰাম গগৈ
যি সময়ত দৰিদ্ৰ তথা আৰ্তজনৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে, তেনে সময়তে অনাহাৰে থাকিবলগীয়া হ'ল আমগুৰিৰ এগৰাকী বৃদ্ধ । এটা শ্মশান গৃহৰ মজিয়াত খেৰৰ ওপৰতে দিন-ৰাতি শুই জীৱন অতিবাহিত কৰিছে লোকজনে ।

an old man of amguri
এগৰাকী নিঃসহায় বৃদ্ধলোক
কিন্তু লোকজনৰ এনে অৱস্থা দৃষ্টিগোচৰ হোৱাৰ পিচতে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল স্থানীয় কেইগৰাকীমান যুৱক । পিন্ধিবলৈ দুযোৰমান কাপোৰ, এখন কম্বল, এখন আঠুৱা, কেইপদমান বাচন আৰু খাদ্য সামগ্ৰী দি অসহায় লোকজনক সহায় কৰে যুৱক কেইগৰাকীয়ে । উল্লেখ্য যে, লক ডাউনৰ সময়চোৱাত চৰকাৰে দৰিদ্ৰ তথা আৰ্তজনৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰা সত্বেও, চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নাপালে চাৰি দিনে লঘোণে ভোকে থকা এইগৰাকী অসহায় বৃদ্ধক ।
লগতে পঢ়কঃশিৱসাগৰত গাঁওবাসীৰ বুকুৰ আপোন হৈ পৰা এগৰাকী স্পেনিচ চাইক্লিষ্ট !