অসম

assam

ETV Bharat / state

Bhogali bihu preparation at Amguri: ছশ পাতি হাঁহ লৈ উৰুকাৰ বজাৰলৈ সাজু এগৰাকী উদ্যোগী মহিলা - woman preparing 600 ducks for Uruka market

ভোগালী বিহুক লৈ ৰাজ্যত ব্যাপক প্ৰস্তুতি (Bhogali bihu preparation in Assam) ৷ মেজি, ভেলাঘৰ সাজি ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ এইবাৰৰ ভোগালী বিহুত উৰুকাৰ বজাৰলৈ দখল কৰাৰ লক্ষ্যৰে 600 পাতি হাঁহেৰে সাজু আমগুৰিৰ উদ্যোগী মহিলা প্ৰণামিকা কাকতি (Woman preparing 600 ducks for Uruka market) ৷

Bhogali bihu preparation
ভোগালী বিহুত উৰুকাৰ বজাৰ দখল কৰিবলৈ সাজু আমগুৰিৰ মহিলা

By

Published : Jan 10, 2023, 11:39 AM IST

ভোগালী বিহুত উৰুকাৰ বজাৰ দখল কৰিবলৈ সাজু আমগুৰিৰ মহিলা

আমগুৰি, ১০ জানুৱাৰী : সমাগত অসমীয়াৰ হেপাঁহৰ ভোগালী বিহু (Bhogali bihu preparation in Assam) ৷ বাপতি সাহোন বিহুটি উদযাপনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিগৰাকী অসমীয়াৰ মনত বৈছে উছাহৰ ঢল ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইয়াকে লৈ চলিছে ব্যাপক প্ৰস্তুতি ৷

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত অসমীয়াবাসীয়ে পালন কৰি অহা ভোগৰ উৎসৱ ভোগালী বিহুক লৈ ৰাজ্যত এতিয়া চলিছে ব্যাপক প্ৰস্তুতি । ভোগালী বিহুটিক আদৰিবৰ বাবে প্ৰত্যেক গৰাকী অসমীয়াই সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে । ভোগৰ এসাঁজ লগে-ভাগে খোৱাৰ বাবে গঞা ৰাইজে সাজি উলিওৱা ভেলাঘৰ সজাৰো এক অঘোষিত প্ৰতিযোগিতা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলা দেখিবলৈ পোৱা গৈছে (Bhogali bihu preparation at Amguri)।

পৰম্পৰা আৰু ঐতিহ্য ধৰি ৰখাৰ সমান্তৰালকৈ গাঁৱৰ পথাৰে পথাৰে ব্যতিক্ৰমী, আকৰ্ষণীয় ৰূপত ভেলাঘৰ সৃষ্টিৰে চমক সৃষ্টি কৰাৰ এক অঘোষিত প্ৰতিযোগিতা চলা পৰিলক্ষিত হৈছে । ইয়াৰ সমান্তৰালভাৱে ব্যৱসায়ীসকলেও নিজৰ ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যৰে সাজু কৰি তোলা দেখিবলৈ পোৱা গৈছে নিজৰ ব্যৱসায় ৷ আমগুৰিৰ দিকচু কাকতি গাঁৱৰ উদ্যোগী প্ৰণামিকা কাকতিয়ে ভোগালীৰ প্ৰাকক্ষণত হাঁহৰ বজাৰ দখল কৰাৰ লক্ষ্যৰে সাজু কৰি তুলিছে ৬০০ পাতিহাঁহ (An enterprising woman preparing 600 ducks) ৷

আমগুৰিৰ এই গৰাকী উদ্যোগী মহিলাই ভোগালীৰ বজাৰখন তথা বিহুৰ সময়ত লাভ আদায়ৰ স্বাৰ্থত বিগত প্ৰায় দুটামাহ ধৰি প্ৰতিপালন কৰি নোদোকা কৰি তুলিছিল ৬০০ পাতিহাঁহ । উল্লেখ্য যে, উদ্যোগী মহিলা প্ৰণামিকা কাকতিৰ আছে নিজাকৈ এখন ফাৰ্ম ৷ ক’ৰ’ণাকালীন সময়ছোৱাত পৰিয়াল পোহপাল দিয়াত সমস্যাই দেখা দিয়াত উদ্যোগী মহিলাগৰাকীয়ে আৰম্ভ কৰিছিল ফাৰ্মখন (Magh bihu celebration in Assam) ৷

পোনপ্ৰথমে ৫০ টা পাতিহাঁহৰ পোৱালি ক্ৰয় কৰি ব্যৱসায় আৰম্ভ কৰিছিল উদ্যোগী মহিলাগৰাকীয়ে । পৰৱৰ্তী সময়ত ফাৰ্মখনৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰাত কাকতিয়ে ফাৰ্মখন কিছু পৰিমাণে সম্প্ৰসাৰণ কৰিলে ৷ ১০০, ২০০ পাতিহাঁহৰ পোৱালি ক্ৰয় কৰি আৰ্থিকভাৱে লাভাৱাম্বিত হ’বলৈ সক্ষম হ’ল উদ্যোগী প্ৰণামিকা কাকতিয়ে ৷

পূৰ্বতে ফাৰ্মখনত মুৰ্গীয়ো প্ৰতিপালন কৰা হৈছিল বুলি জানিবলৈ দিয়ে উদ্যোগী মহিলাগৰাকীয়ে ৷ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিভিন্ন জিলালৈ কাকতিৰ ফাৰ্মৰ পৰা পাতিহাঁহ সৰবৰাহ হয় বুলি জানিবলৈ দিয়ে উদ্যোগী মহিলাগৰাকীয়ে ৷ তেওঁৰ ফাৰ্মখনৰ ক্ৰেতা অধিক হোৱাৰ বাবেই উদ্যোগী মহিলাগৰাকীয়ে বিগত দুটা মাহ ধৰি ৬০০ পাতিহাঁহ ভোগালীৰ উৰুকাৰ বজাৰলৈ লক্ষ্য কৰি সাজু কৰি তুলিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লকডাউনৰ সময়ত নিজৰ পৰিয়ালৰ ভৰণ-পোষণত সমস্যাই দেখা দিয়াত ফাৰ্মখন আৰম্ভ কৰা প্ৰণামিকা কাকতিয়ে পৰৱৰ্তী সময়ত হাঁ-কুকুৰাৰ এই ফাৰ্মখনৰ জৰিয়তে অৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে সমাজলৈকো কৰ্মসংস্কৃতিৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:Bomb threat on Moscow-Goa flight: চলন্ত বিমানত বোমাতংক, জামনগৰ বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ

ABOUT THE AUTHOR

...view details