অসম

assam

ETV Bharat / state

দেশী-বিদেশী মঞ্চত চৰ্চা লাভ কৰিছে গুণ মৰাণৰ কবিতাই

কবিতাৰে বিশ্ব জয় কৰা এগৰাকী কবি হৈছে গুণ মৰাণ ৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা কবিগৰাকীৰ বহু কবিতা প্ৰকাশ পাইছে বিদেশী ভাষাতো ৷ গুজৰাট, কলকাতা, চেন্নাই, উত্তৰ প্ৰদেশৰ লগতে ৰাজ্যৰ বহুকেইখন জনপ্ৰিয় আলোচনীতো প্ৰকাশ পাইছে গুণ মৰাণৰ দ্বাৰা ৰচিত কবিতাসমূহ ৷

an assamese poet got international award in the field of poem nazira sivsagar assam etv bharat news
চৰ্চা লাভ কৰিছে গুণ মৰাণৰ কবিতাই

By

Published : Aug 10, 2020, 4:22 PM IST

নাজিৰা,১০ আগষ্ট: কবিতাৰে মানুহৰ মন জিনা এগৰাকী ব্যক্তিৰ নাম গুণ মৰাণ ৷ শিৱসাগৰ জিলাৰ গেলেকী মৰাণ গাঁৱৰ এইগৰাকী কবিৰ কবিতা ইতিমধ্যে প্ৰকাশ পাইছে বহুকেইখন দেশৰ আগশাৰীৰ আলোচনীত ৷ গুজৰাট, কলকাতা, চেন্নাই, উত্তৰ প্ৰদেশৰ লগতে ৰাজ্যৰ বহুকেইখন জনপ্ৰিয় আলোচনীতো প্ৰকাশ পাইছে গুণ মৰাণ ৰচিত কবিতাসমূহ ৷

বৰ্তমানলৈকে কবিগৰাকীয়ে লিখা কবিতা প্ৰকাশ হৈছে কানাডা, লণ্ডন, আমেৰিকা, ইংলেণ্ড, নেদাৰলেণ্ড, দক্ষিণ কোৰিয়া, আয়াৰলেণ্ড, দক্ষিণ আফ্ৰিকা, স্পেইন, ফ্ৰান্স, আফ্ৰিকা, আৰ্জেণ্টিনা, ফিলিপাইনছ আদি দেশৰ প্ৰায় ৬০খন আলোচনীত ৷ ইয়াৰ উপৰিও তাগালগ, বাৰ্মিজ, চোৱাহিলি, ইণ্ডোনেছিয়ান, ইটালীয়ান, ফ্ৰান্স , স্পেনিছ , পৰ্তুগীজ, চাইনীজ, ইউক্ৰেনিয়ান, ৰাচিয়ান, হেবৰিউ, তুৰ্কীজ আদি বিদেশী ভাষাৰ উপৰিও গুজৰাটী, তামিল, তেলেগু, মাৰাঠী, উৰ্দু , আৰবিয়ান, বেংগলী আদি ভাষাটো প্ৰকাশিত হৈছে এই কবিতা ৷

চৰ্চা লাভ কৰিছে গুণ মৰাণৰ কবিতাই

উল্লেখ্য যে, কবি মৰাণৰ স্ব-ৰচিত প্ৰথম অসমীয়া কবিতা পুথিৰ নাম হৈছে বিশ্বাসৰ বনানীকৰণ ৷ ইয়াৰ উপৰিও কবিগৰাকীৰ দুখন ইংৰাজী কবিতা পুথি প্ৰকাশ কৰিছে দেশ-বিদেশৰ প্ৰকাশনে ৷ ২০২০ চনত কানাডাৰ পৰা প্ৰকাশিত কবিতা পুথিখনৰ নাম হৈছে El Amor: Love on the Rocks আৰু আনখন হৈছে When The Tree Weeps .

কবিতাৰ জৰিয়তে পাঁচটাকৈ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে কবি গুণ মৰাণে ৷ শিক্ষকতাৰ লগতে কবিতা চৰ্চা কৰা মৰাণে লক ডাউনৰ মাজতে ৰক নামৰ এটি কবিতাৰ বাবে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইট আৰ্ট ফেষ্টিভেলৰ পৰা ক্ৰিয়েটৰ অৱ জাষ্টিচ এৱাৰ্ড ২০২০ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমীয়া কবিতাৰ লগতে ইংৰাজী কবিতা বিদেশৰ আলোচনীত প্ৰকাশ পালে কবিগৰাকীয়ে লাভ কৰে উচিত পৰিশ্ৰমিক ৷ বহু বিদেশী আলোচনীত প্ৰকাশিত কবিতাৰ বিনিময়ত লাভ কৰা উক্ত পাৰিশ্ৰমিক কবিগৰাকীয়ে প্ৰদান কৰে অনাথ আশ্ৰমৰ হকে কাম কৰা বিদেশী সংস্থাক ৷

কবিতাৰ যোগেদিয়ে দুবাৰকৈ বিদেশ যাত্ৰাৰ সুবিধা লাভ কৰিছে গুণ মৰাণে ৷ কিছুদিনপূৰ্বে বাংলাদেশলৈ নিমন্ত্ৰণ লাভ কৰিছিল বিশিষ্ট কবিগৰাকীয়ে । এগৰাকী ভাৰতীয় মূলৰ লেখক হিচাপে বাংলাদেশৰ ঢাকা ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণী পত্ৰ লাভ কৰা সত্বেও ঘৰুৱা অসুবিধাৰ বাবে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে কবিগৰাকীয়ে । উল্লেখ্য যে,কবিগৰাকীয়ে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ লগতে অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সম্বৰ্ধনাও লাভ কৰিছে ৷

লগতে চাওকঃতেজপুৰত আছুৰ নেতৃত্বত মানৱ শৃংখল প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details