অসম

assam

ETV Bharat / state

চৰ্চাত শিৱসাগৰৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়

শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনত সন্তানৰ নামভৰ্তিৰ বাবে দুদিনৰ আগৰ পৰাই দুপৰ নিশালৈকে অভিভাৱক সকলে প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে শাৰী পাতি থকা দেখা গ'ল ৷ 1955 চনতে স্থাপন হোৱা বিদ্যালয়খনৰ অনুশাসনৰ বাবেই সৰ্বত্ৰে চৰ্চিত হৈছে ৷

an-assamese-medium-government-school-in-sivasagar
চৰ্চাত শিৱসাগৰৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়

By

Published : Apr 8, 2021, 1:15 PM IST

Updated : Apr 8, 2021, 7:11 PM IST

শিৱসাগৰ, 8 এপ্ৰিল : যি সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ শ্মশান যাত্ৰা চলিছে বুলি সমালোচনা কৰা হয়, সেই সময়তে শিৱসাগৰ নগৰত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। এখন বিদ্যালয়খনত সন্তানৰ নামভৰ্তিৰ বাবে দুদিনৰ আগৰ পৰাই দুপৰ নিশালৈকে অভিভাৱক সকলে প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে শাৰী পাতি থকা দেখা গ'ল ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন নামৰ বিদ্যালয় খনত নামভৰ্তিৰ বাবে হেতাওপৰা লগালে অভিভাৱকসকলে ৷ 1955 চনতে স্থাপন হোৱা বিদ্যালয়খনৰ অনুশাসনৰ বাবেই সৰ্বত্ৰে চৰ্চিত হৈছে ৷

চৰ্চাত শিৱসাগৰৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়

চহৰখনত থকা বহু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰিৱৰ্তে বিগত দিনবোৰত ধাৰাবাহিকভাৱে ফলাফলৰ উচ্চ প্ৰদৰ্শন আৰু বিদ্যালয় খনৰ উত্তম পৰিচালনাৰ কাৰণে অভিভাৱসকলে সন্তানৰ নামভৰ্তিৰ বাবে হেতাওপৰা লগাইছে ৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ দুৰাৱস্থা আৰু বেচৰকাৰী ইংৰাজী মাধ্যমে গ্ৰাস কৰিব খোজা চৰকাৰী বিদ্যালয় সমূহৰ লগতে ইংৰাজী মাধ্যমৰ প্ৰতি থকা অভিভাৱক সকলৰ আসক্তি তাৰ বিপৰীতে 9 এপ্ৰিলৰ পৰা নামভৰ্তি হ'বলগীয়া বিদ্যালয়খনে প্ৰমাণ কৰি দেখুৱাইছে যে এতিয়াও অসমীয়া মাধ্যমক নুই কৰিব নোৱাৰি।

লগতে পঢ়ক: দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন

Last Updated : Apr 8, 2021, 7:11 PM IST

ABOUT THE AUTHOR

...view details