অসম

assam

ETV Bharat / state

ডাঃ দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত শিৱসাগৰত চিকিৎসকৰ আন্দোলন ঘোষণা - Sivasagar news

2 ছেপ্টেম্বৰৰ পুৱাৰে পৰা 24 ঘণ্টাৰ বাবে সকলো চিকিৎসকে পালন কৰিব ধৰ্মঘট ৷ পুৱা 6 বজাৰ পৰা 24 ঘণ্টাৰ বাবে জৰুৰীকালীন সেৱাক বাদ দি সকলো চিকিৎসক বিৰত থাকিব চিকিৎসা সেৱা প্ৰদানৰ পৰা ৷

ডাঃ দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত শিৱসাগৰত চিকিৎসকৰ আন্দোলন ঘোষণা

By

Published : Sep 1, 2019, 9:09 PM IST

শিৱসাগৰ, 1 ছেপ্তেম্বৰঃ ডাঃ দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত IMA আৰু AMSA ৰ অসম শাখাই এদিনীয়া ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে ৷ 2 ছেপ্টেম্বৰৰ পুৱাৰে পৰা 24 ঘণ্টাৰ বাবে জিলাখনৰ সকলো চিকিৎসকে ধৰ্মঘট কাৰ্যসূচী পালন কৰিব ৷ পুৱা 6 বজাৰ পৰা 24 ঘণ্টাৰ বাবে জৰুৰীকালীন সেৱাক বাদ দি সকলোধৰণৰ চিকিৎসা সেৱা প্ৰদানৰ পৰা বিৰত থাকিব জিলাখনৰ সকলো চিকিৎসক ৷ লগতে 2 চেপ্তেম্বৰ তাৰিখে ৰাজ্যৰ সকলো জিলা আৰু মহকুমা সদৰত প্ৰশাসনিক মুৰব্বীক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিব সংগঠন দুটাই । আনহাতে 3 চেপ্তেম্বৰ সন্ধিয়া 7 বজাত সদৰ স্থানত সকলো চিকিৎসকে তেওঁলোকৰ পৰিয়াল সহিত বগা কোট পৰিধান কৰি মমবাতি জ্বলাই প্ৰতিবাদী সমদল বাহিৰ কৰিব ।

ডাঃ দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত শিৱসাগৰত চিকিৎসকৰ আন্দোলন ঘোষণা

ABOUT THE AUTHOR

...view details