সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ
গুৱাহাটীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ শীঘ্ৰেই অসমত বলৱৎ কৰা হব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পাচতেই শিৱসাগৰ জিলাৰ সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ ৷
সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ
শিৱসাগৰ, 13 ছেপ্তেম্বৰঃ
- শিৱসাগৰ জিলাৰ সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ
- আহোম সেনাৰ চৰাইদেউ জিলা সমিতিয়ে দাহ কৰে গৃহমন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি
- প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ অৰ্ধ শতাধিক সদস্য
- নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ শীঘ্ৰেই অসমত বলৱৎ কৰা হব বুলি ঘোষণা কৰিছিল অমিত শ্বাহে
- শেহতীয়াকৈ গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে
- এই সন্দৰ্ভতেই গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ আহোম সেনাৰ চৰাইদেউ জিলা সমিতিৰ
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ ধ্বনি
- বিজেপি চৰকাৰ গ' বেক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে
- বিধেয়কখন বাতিল নকৰিলে সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ