অসম

assam

আমগুৰিত বিশ্ব চাইকেল দিৱস

By

Published : Jun 3, 2019, 11:44 AM IST

বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আমগুৰিত অনুষ্ঠিত হয় চাইকেল চলোৱা প্ৰতিযোগিতা ।

শিৱসাগৰ আমগুৰিত পালন বিশ্ব চাইকেল দিৱস

আমগুৰি,৩ জুনঃ আজি বিশ্ব চাইকেল দিৱস। বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আমগুৰিত অনুষ্ঠিত হয় চাইকেল চলোৱা প্ৰতিযোগিতা । সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই চাইকেল চলোৱা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰে মৰিয়নী নগাধূলিৰ দীপক সিঙে । আমগুৰিৰ পৰা হালোৱাটিঙলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত দীপক সিঙে ৮.৫০ কি:মি পথ ১৪.৫৪ মিনিটত অতিক্ৰম কৰে । প্ৰদূষণমুক্ত পৰিৱেশৰ দিশে এখোজ শীৰ্ষক চাইকেল চলোৱা প্ৰতিযোগিতাত শান্তনু বড়াই দ্বিতীয় শ্ৰেষ্ঠ,ঘনশ্যাম ৰয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।

শিৱসাগৰ আমগুৰিত পালন বিশ্ব চাইকেল দিৱস

ABOUT THE AUTHOR

...view details