আমগুৰি,7 ফেব্ৰুৱাৰীঃজীৱন সংগ্ৰামত ব্ৰতী এগৰাকী মহিলা ৷ জীৱন সংগ্ৰামত বৰ্তি থাকিবলৈ মহিলাগৰাকীয়ে আৰম্ভ কৰিছে শুভ্ৰ বিপ্লৱ ৷ গাখীৰ বিক্ৰীৰে স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন কৰিছে শিৱসাগৰ জিলাৰ নামতিৰ মিনু শইকীয়াই ৷ এই মহঙা দিনত আনৰ মুখলৈ নাচাই গাখীৰৰ ব্যৱসায়েৰে দুবেলা দুমুঠি অন্নৰ যোগাৰ কৰিছে মিনু শইকীয়াই ৷ বিগত পাঁচ বছৰে নিজৰ তিনিজনী গাই গৰুৰপৰা উৎপাদিত হোৱা গাখীৰ পুৱাতেই নিজৰ চাইকেলখনত বান্ধি গাঁৱে গাঁৱে বিক্ৰী কৰি ৰুগীয়া স্বামী আৰু একমাত্ৰ সন্তানক পোহপাল দি আহিছে ৷
শুভ্ৰ বিপ্লৱেৰে স্বৱলম্বীতাৰ নিদৰ্শন আমগুৰিৰ মিনু শইকীয়াৰ - Amguri woman white revolution news
গাখীৰ বিক্ৰীৰে স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন কৰিছে শিৱসাগৰ জিলাৰ নামতিৰ মিনু শইকীয়াই ৷ মহঙা এই দিনত আনৰ মুখলৈ নাচাই গাখীৰৰ ব্যৱসায়েৰে দুবেলা দুমুঠি অন্নৰ যোগাৰ কৰিছে মিনু শইকীয়াই ৷
শুভ্ৰ বিপ্লৱেৰে স্বৱলম্বীতাৰ নিদৰ্শন আমগুৰিৰ মিনু শইকীয়াৰ
পিছলৈ ঘূৰি চাবলৈ সময় নথকা মিনু শইকীয়াৰ লক্ষ্য আৰু উদ্দেশ্য মাথোঁ এটাই ৷ সোনকালে গৈ গ্ৰাহকক সময়মতে গাখীৰ যোগান ধৰা ৷ চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ গাখীৰৰ ব্যৱসায়ৰে জীৱিকাৰ পথ মুকলি কৰা মিনু শইকীয়াই এনদৰে নিজৰ সংগ্ৰামৰ আদৰ্শৰে বহুতৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে ৷