আমগুৰি, 14 ছেপ্তেম্বৰ: চৰকাৰলৈ কাতৰ আহ্বান জনাই হুক-হুকাই কান্দোন এগৰাকী মহিলাৰ ৷ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নামতিৰ বাউলী পুখুৰী শেনচোৱা গাঁৱৰ প্ৰতিমা গগৈ নামৰ এগৰাকী মহিলা ৷
বিগত ১৯ বছৰে মাতৃগৃহত এটা উৰুখা পঁজাতে দুৰ্বিসহ জীৱন অতিবাহিত কৰি আছে প্ৰতিমা গগৈয়ে ৷ বিশেষভাৱে সক্ষম পুত্ৰ সন্তান জন্ম দিয়াৰ বাবেই স্বামীৰ নিৰ্যাতনৰ বলি হৈছিল এই দুৰ্ভগীয়া মহিলা গৰাকী ৷
জানিব পৰা মতে, প্ৰতিমা গগৈয়ে 20 বছৰ পূৰ্বে বৰছিলা খনিকৰ গাঁৱৰ বিপিন খনিকৰ নামৰ লোকজনৰ সৈতে সামাজিক নীতি-নিয়মেৰে বিবাহ পাশত আবদ্ধ হৈছিল ৷
প্ৰতিমা গগৈয়ে শাৰীৰিক ভাৱে সক্ষম পুত্ৰ সন্তান জন্ম দিয়াৰ পাচৰ পৰাই তেওঁৰ জীৱনলৈ নামি আহিল এজাক কাল-ধুমুহা ৷ প্ৰতিমাৰ ওপৰত আৰম্ভ হ’ল স্বামীৰ অকথ্য নিৰ্যাতন ৷ অৱশেষত সন্তান জন্ম হোৱাৰ 17 দিন পাচতেই স্বামী গৃহ এৰি পুত্ৰক লগত লৈ নিজ মাতৃ গৃহলৈ গুচি যায় প্ৰতিমা ৷
তেতিয়াৰ পৰাই মহিলা গৰাকীয়ে পুত্ৰ আৰু ৰুগীয়া মাতৃক ডলা-চালনী, খৰাহী, কুকুৰাৰ কণী, বাৰীৰ কচু-ঢেঁকীয়া ইত্যাদি বিক্ৰী কৰি কথমপি পৰিয়ালটো পোহ-পাল দি আছে ৷