অসম

assam

By

Published : Jul 16, 2020, 12:09 PM IST

Updated : Jul 16, 2020, 12:34 PM IST

ETV Bharat / state

বন্যাৰ্ত কৃষকলৈ কঠিয়া সিঁচিছে এখন গাঁৱৰ ৰাইজে

শিৱসাগৰ জিলাৰ নামতি ৰজাবাৰী গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। বন্যাৰ্ত কৃষকক সকাহ দিবৰ কাৰণে ১৩ কুইন্টল ধানৰ বীজ সিঁচা কাম আৰম্ভ কৰিছে গঞাই ৷

flood affected farmers
flood affected farmers

আমগুৰি, ১৬ জুলাই :ৰাজ্যত বানৰ তাণ্ডৱৰ ফলত সৰ্বহাৰা হৈ পৰিছে কৃষকসকল । বানে ধুই মষিমূৰ কৰিলে কৃষকৰ সপোনৰ পথাৰখন । পানীৰ তলত গেলিবলৈ ধৰিছে কঠিয়া । মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে। এইসকল উপান্ত কৃষকক সকাহ দিবৰ কাৰণে আগবাঢ়ি আহিছে নামতিৰ এখন গাঁৱৰ ৰাইজ ।

শিৱসাগৰ জিলাৰ নামতি ৰজাবাৰী গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । বন্যাৰ্ত কৃষকক সকাহ দিবৰ কাৰণে ১৩ কুইন্টল ধানৰ বীজ সিঁচা কাম আৰম্ভ কৰিছে গঞাই ৷ জিলাখনৰ নামতিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ খেলপথাৰত ৰাইজে সিঁচিচে বিভিন্ন ধানৰ বীজ। নামতিৰ ৰজাবাৰী গাঁৱত অৱস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ৮ বিঘা ভূমিত ১৩ কুইন্টল ধানৰ বীজ সিঁচি বন্যাৰ্তক সহায় কৰিব বুলি জানিবলৈ দিছে গাঁওবাসীয়ে ।

শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ লগতে আমগুৰি সমষ্টিৰ দিখৌমুখ আৰু ৰূপহীমুখৰ উপান্ত কৃষকক এই কঠীয়া প্ৰদান কৰা হ'ব । ৰজাবাৰী গাঁৱৰ উন্নয়ন সমিতিৰ লগতে স্থানীয় লোকৰ এনে পদক্ষেপে বানপীড়িতলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে । মানৱতাৰ চানেকী বহন কৰিছে তেওঁলোকৰ এই পদক্ষেপে ৷

উল্লেখ্য় যে, প্ৰলংকৰী বানত বৰ্তমান জলমগ্ন হৈ আছে ৰাজ্যৰ 27খন জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ক্ষতিগ্ৰস্ত কৰিছে প্ৰায় 3,376 গাঁও ৷ প্লাৱিত হৈছে 1,27,647,25 হেক্টৰ ভূমি ৷ আনহাতে, এই বানত আক্ৰান্ত হৈছে ৰাজ্যৰ প্ৰায় 35,73,564 গৰাকী জনতা ৷

লগতে পঢ়ক :ৰহস্যময় অৱস্থাত ইৰানত ভস্মীভূত 7খনকৈ জাহাজ

Last Updated : Jul 16, 2020, 12:34 PM IST

ABOUT THE AUTHOR

...view details