আমগুৰি, ৫ ডিচেম্বৰ: নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এতিয়া চলিছে আধাৰশিলা স্থাপনৰ প্ৰতিযোগিতা । ৰাজ্যৰ বিভিন্ন স্থানত মন্ত্ৰী বিধায়কে আধাৰশিলা স্থাপন কৰিছে ঠিকেই; কিন্তু পূৰ্বে আধাৰশিলা স্থাপন কৰি যোৱা কাম সম্পূৰ্ণ হৈছে নে নাই সেই বিষয়ে খবৰ ল'বলৈ আহৰি নাই । শিৱসাগৰৰ আমগুৰিত পৌৰসভাত পকী নলা নিৰ্মাণত ঠিকাদাৰে মইমতালি কৰাৰ অভিযোগ তুলিছে ৰাইজ আৰু অন্যান্য দল-সংগঠনে । ১ বছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ নহ'ল পকী নলাৰ নিৰ্মাণকাৰ্য । আমগুৰি পৌৰসভাৰ বহুকেইটা ৱাৰ্ডত পকী নলাবিলাক আধৰুৱা হৈ থকাত সৰ্বসাধাৰণ ৰইজে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।
পকী নলাৰ লোৰ ৰডবিলাক উন্মুক্ত অৱস্থাত থকাত অঘটন সংঘটিত হোৱাৰ আশংকা প্ৰবল হৈছে । আমগুৰি পৌৰসভাৰ দায়িত্ব কাৰ্যবাহী বিষয়াৰ হাতত থকাৰ পিছতো পকী নলা নিৰ্মাণত ঠিকাদাৰে হেমাহি কৰা বিষয়টোত হস্তক্ষেপ নকৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । আনহাতে পূৰ্বে নিৰ্মাণকাৰ্যৰ নিবিদা লাভ কৰা ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাৰ পিছত পুনৰ সেইসকল ঠিকাদাৰকে নিবিদা লাভৰ সুযোগ দিয়াত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় দল-সংগঠন ।