অসম

assam

ETV Bharat / state

আমগুৰিৰ এজন দুৰ্ভগীয়া যুৱকৰ জীৱন কাহিনী

দুয়োখন ভৰি অকামিলা হোৱাত বিগত চাৰিবছৰে দুবিৰ্ষহ জীৱন অতিবাহিত কৰিছে ভবেন গগৈয়ে ৷

A_Amguri_801_804_16_May_Helpless_Family_Visual_Bite_Photo_Samiran_Duarah
আমগুৰিৰ এজন দুৰ্ভগীয়া যুৱকৰ জীৱন কাহিনী

By

Published : May 16, 2020, 5:35 PM IST

আমগুৰি, ১৬ মে: শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত কালুগাঁও অঞ্চলৰ জাপিসজিয়া গাঁৱৰ এজন দুৰ্ভগীয়া যুৱকজনে যোৱা চাৰি বছৰে কটাইছে় দুৰ্বিষহ জীৱন ৷ দূৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি অকামিলা হোৱা এইজন যুৱকৰ কৰুণ কাহিনীয়ে ব্যৰ্থিত কৰে সকলোকে জীয়াই থকা আৰু পেটৰ তাড়নাত যোৱা চাৰি বছৰ ধৰি চুঁচৰি চুঁচৰি কাম কৰি জীৱন কটাইছে শিৱসাগৰৰ কালুগাঁও অঞ্চলৰ জাপিসজিয়া গাঁৱৰ এইজন ভবেন গগৈয়ে |

আমগুৰিৰ এজন দুৰ্ভগীয়া যুৱকৰ জীৱন কাহিনী
ৰাজমিস্ত্ৰীৰ লগত যোগালী কৰি পত্নী-কন্যাৰ স'তে সুখী জীৱন অতিবাহিত কৰা ভবেন গগৈৰ পৰিয়াললৈ ২০১৬ চনৰ কোনো এটা দিনত নামি আহে কাল অমানিশা | কাম কৰি থকা অৱস্থাত চাদৰ পৰা পৰি কঁকালত গুৰুতৰভাৱে আঘাত পোৱা ভবেন গগৈয়ে সেই সময়ত টকাৰ অভাৱত উন্নত চিকিৎসা কৰিব নোৱাৰিলে ৷ যাৰবাবে থিয় হব নোৱৰাকৈয়ে ঘৰতে শুই থাকিব লগীয়া হয় ভবেন গগৈ দীৰ্ঘদিন বিনা চিকিৎসাই এইদৰে থকাৰ বাবে তেওঁৰ ভৰি দুটাও ক্ৰমে অকামিলা হৈ পৰে ৷ইফালে, এবছৰৰ পূৰ্বে ভবেনৰ পত্নীয়ে কন্যাক লৈ মাকৰ ঘৰলৈ গুচি যায় ফলত অতি দুৰ্বিষহ হৈ পৰে ভৱেনৰ বাবে জীৱনটো।

এতিয়া অকলশৰীয়া ভবেনে চুঁচৰি চুঁচৰি সকলো কাম কৰাৰ লগতে বাঁহৰ বিভিন্ন সামগ্ৰী বনাই সেইবিলাক বিক্ৰী কৰি বৰ্তমান জীৱন নিৰ্বাহ কৰি আহিছে ৷ এনেদৰে নিজৰ সকলো কাম কৰা ভবেনৰ কঁকালত তলৰ অংশত ঘাঁ লাগিগৈছে যাৰ বাবে লক ডাউনৰ সময়চোৱাত এনেদৰেই জীৱন অতিবাহিত কৰিছে এইজন দূৰ্ভগীয়া লোকজনে ৷ যুৱকজনক প্ৰয়োজন কিছু সাহস, প্ৰেৰণা, আৰু সহযোগিতাৰ ৷ কোনো সদাশয় ব্যক্তিয়ে ভবেনক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নম্বৰ 7178026003293 ,IFSC: UTBIORRBAGB জড়িয়তে সহায় কৰিব পাৰিব ভবেন গগৈক ৷ ৰাজ্যৰ স্বাস্থ্যবিভাগে এইজন অকলশৰীয়া দুৰ্ভগীয়া ভৱেনৰ প্ৰতি এধানি মান সহায় আগবঢ়ালে যুৱকজন এদিন সম্পূৰ্ণ সুস্থ হৈ উঠিব ৷


লগতে পঢ়কঃ গহপুৰ মহকুমা প্ৰশাসনৰ সৈতে মন্ত্ৰী ৰঞ্জিত দত্তৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details